ক'ৰ'নাক প্ৰতিহত কৰা প্ৰয়াস:'আজি আমাৰ ঘৰলৈ কোনো নাহিব' লিখা ফলক আঁঁৰি দিয়া হ'ল পদূলিমুখত

Pic

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীলৈ আহ্বান জনোৱা 'জনতা সান্ধ্য আইন'লৈ পূৰ্ণ সমৰ্থন ৰাজ্যবাসীৰ।সমগ্ৰ ৰাজ্যত 'জনতা সান্ধ্য আইন'ৰ বাবে জনজীৱন সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে।গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ নগৰ-চহৰ,গাঁও সকলোতে ক'ৰ'নাৰ আতংকত জনতা সান্ধ্য আইনলৈ পূৰ্ণ সমৰ্থন জনাই ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছে ৰাজ্যবাসী। সাৱধানতা অৱলম্বন কৰি গাঁৱৰ বাসিন্দাই ঘৰৰ পদূলিমুখত লগাই দিছে বিশেষ ফলক।লিখা আছে- "আজি আমাৰ ঘৰলৈ কোনো নাহিব"।

Your Comments