বিশ্বত্ৰাস কৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনোৱা 'জনতাৰ সান্ধ্য আইন'লৈ পূৰ্ণ সঁহাৰি গুৱাহাটীবাসী।সদাব্যস্ত গুৱাহাটীৰ ৰাজপথ শূন্য।গুৱাহাটীৰ ৰাজপথত চলাচল কৰা নাই বাহন।একমাত্ৰ জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো বন্ধ আছে গুৱাহাটীত।
চানমাৰি,গণেশগুৰি,আমবাৰী,ফাঁচী বজাৰ,জালুকবাৰীৰ ৰাজপথত জনশূন্য পৰিৱেশ।কোনো ব্যক্তি ওলাই অহা নাই ঘৰৰ পৰা।
উল্লেখ যে ভয়াৱহ ক'ৰ'না ভাইৰাছে চিন্তিত কৰি তুলিছে মহানগৰীৰ লগতে ৰাজ্যবাসীক।বৰ্তমান সময়লৈকে দেশত ক'ৰ'নাত আক্ৰান্ত ৰোগী সংখ্যা তিনি শতাধিক।অসমত এই পৰ্যন্ত কোনো ব্যক্তিৰ দেহত ধৰা পৰা নাই ক'ৰ'নাৰ উপস্থিতি।দেশত সৰ্বাধিক লোক আক্রান্ত হৈছে পাইছে মহাৰাষ্ট্ৰত।তাৰ পিছতে আছে কেৰেলা।
- Log in to post comments
- 14 views