অসমত ক'ৰ'না আক্রান্ত হোৱাৰ প্ৰথমটো ঘটনা:যোৰহাট পুলিবৰত আক্ৰান্ত চাৰে চাৰি বছৰীয়া কন্যা শিশু

Pic

অসমত ধৰা পৰিছে ক'ৰ'না ভাইৰাছ সংক্ৰমণৰ প্রথমটো ঘটনা।যোৰহাট চহৰত এগৰাকী চাৰে চাৰি বছৰৰ কন্যা শিশু ক'ৰ'না ভাইৰাছ আক্ৰান্ত।১৯ মাৰ্চত বিহাৰৰ পৰা ৰে'লযোগে মাতৃ আৰু বায়েকৰ সৈতে যোৰহাট পুলিবৰৰ মোমায়েকৰ ঘৰলৈ আহিছিল শিশুটি।যোৰহাট মেডিকেল কলেজ হাস্পতালত তেজ পৰীক্ষাত ক'ভিড-১৯ পজিটিভ পোৱা গৈছে।অৱশ্যে,লাহোৱালৰ আইচিএমআৰত শিশুটিৰ তেজৰ অধিক পৰীক্ষা হৈ শিশুটি ক'ৰ'না আক্ৰান্ত বুলি পূৰ্ণ পৰ্যায়ত নিশ্চিত হ'লেহে এইটো অসমত ক'ৰ'না ভাইৰাছ সংক্ৰমণৰ প্ৰথম ঘটনা বুলি ক'ব পৰা হ'ব বুলি কৈছে স্বাস্থ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই।ইফালে,শিশুটিৰ পিতৃ-মাতৃক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Your Comments