
'নিয়া'ৰ গোচৰত বিগত তিনিটা মাহ কাৰাৰুদ্ধ হৈ থকা কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে জামিন লাভ কৰাৰ পিছতো মুকলি আকাশৰ তললৈ অহাৰ সুবিধা নাপালে।সোণোৱাল চৰকাৰৰ বৰ্বৰতাত কাৰাৰুদ্ধ অৱস্থাতে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত গ্ৰেপ্তাৰ কৃষক নেতা অখিল গগৈক।শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গগৈক।'কা' আন্দোলনৰ সময়ত শিৱসাগৰত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত সংগ্ৰামী নেতাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।
ইতিমধ্যে,শিৱসাগৰৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে গ্ৰেপ্তাৰ কৰা নেতাগৰাকীক চাৰি দিনৰ আৰক্ষীৰ জিম্মাত প্ৰদান কৰিছে।
উল্লেখ যে 'কা' বিৰোধী আন্দোলনৰ সময়ত ১৪৪ ধাৰা ভংগ কৰাৰ অভিযোগ আছে গগৈৰ বিৰুদ্ধে।মঙলবাৰে ৰাতিয়ে গগৈক লৈ যোৱা হ'ব শিৱসাগৰলৈ।
গুৰুত্বপূৰ্ণ কথা এই যে 'নিয়া'ৰ আদালতত জামিন লাভ কৰাৰ পিছতে শিৱসাগৰ আৰক্ষীয়ে জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত গগৈক গ্ৰেপ্তাৰৰ বাবে আবেদন জনাইছিল।সেই আবেদনৰ ভিত্তিতে গগৈক গ্ৰেপ্তাৰৰ অনুমতি দিয়ে।
- Log in to post comments
- 29 views