হোলী উৎসৱ শান্তিপূৰ্ণভাৱে উদযাপনৰ লক্ষ্যৰে শিৱসাগৰ জিলা প্ৰশাসনৰ কেতবোৰ নিষেধাজ্ঞা জাৰি

Pic
শিৱসাগৰৰ পৰা কল্যাণ জ্যোতি বুঢ়াগোহাঁই: সমগ্ৰ দেশৰ লগতে শিৱসাগৰ জিলাতো অহা ৯ মাৰ্চ তাৰিখে হোলী উৎসৱ উদযাপন কৰা হ'ব।হোলী উৎসৱ উদযাপনৰ সময়ত যাতে শান্তি-শৃংখলা আৰু সাম্প্ৰদায়িক সদ্ভাৱ অক্ষুণ্ণ থাকে আৰু কোনো দুস্কৃতিকাৰীয়ে যাতে হোলী উৎসৱ উদযাপনৰ সময়ত কোনোধৰণৰ কূটাঘাতমূলক কাৰ্য্য সংঘটিত কৰিব নোৱাৰে,তাৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলা প্ৰশাসনে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত সমগ্ৰ জিলাতে প্ৰযোজ্য হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই আদেশ অনুসৰি কোনো অচিনাক্ত ব্যক্তি বা বাটৰুৱাৰ ওপৰত ৰং বা ৰং মিহলি পানী চটিওৱা;যিকোনো ধৰ্মীয় স্থান,যান-বাহন আদিত ৰং বা ৰং মিহলি পানী চটিওৱা;হোলী উদযাপনৰ নামত মটৰ চাইকেল,চাৰিচকীয়া বাহন আদিত জুম বান্ধি চলাচল কৰা;হোলী উদযাপনৰ সময়ত কোনোধৰণৰ অশ্লীল গীত বা নৃত্য পৰিৱেশন কৰা;তীব্ৰ শব্দ সৃষ্টি কৰিব পৰা মাইক আদি বজোৱা;নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈকে মাইক বজোৱা আদি নিষিদ্ধ কৰা হৈছে। এই নিষেধাজ্ঞা ভঙ্গ কৰা ব্যক্তিৰ ওপৰত ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত কঠোৰতম শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

Your Comments