'কা' বাতিলৰ লগতে কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ 'গণ অৱস্থান'

Pic

শিৱসাগৰৰ পৰা কল্যাণ জ্যোতি বুঢ়াগোহাঁই:

শিৱসাগৰ চহৰৰ ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখত শুকুৰবাৰে নাগৰিকত্ব সংশোধনী আইন বাতিল,কৃষক নেতা অখিল গগৈকে আদি কৰি 'কা' বিৰোধী আন্দোলনত কাৰাৰুদ্ধ হোৱা সংগ্ৰামী সতীৰ্থক মুক্তি,'কা' বিৰোধী আন্দোলনৰ শ্বহীদক ন্যায় দিয়া আৰু চৰকাৰী দমন নীতি বন্ধ কৰাৰ দাবীত যৌথ সংগ্ৰামী মঞ্চই ৩ ঘণ্টীয়া গণ অৱস্থান কাৰ্য্যসূচী  ৰূপায়ণ কৰে।উক্ত কাৰ্য্যসূূচীত 'কা' আমি নামানো,বিজেপি গ' বেক,সৰ্বানন্দ সোণোৱাল হায় হায় আদি চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।উক্ত কাৰ্য্যসূূচীত সংগ্ৰামী যুৱ -ছাত্ৰ পৰিষদ,বৃহত্তৰ অসমীয়া যুৱ মঞ্চ,উজনি অসম মুছলিম কল্যাণ পৰিষদ, ছাত্ৰ মুক্তি,আহোম সেনা,বীৰ লাচিত সেনা, 'টাইপা'কে আদি কৰি বহুকেইটা সংগঠনৰ নেতাই অংশগ্ৰহণ কৰে।

Your Comments