বঙাইগাঁৱত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি 'আপ'ৰ অৱস্থান ধৰ্মঘট

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

'নাগৰিকত্ব সংশোধনী আইন -২০১৯'ৰ বিৰোধিতা কৰি শনিবাৰে বঙাইগাঁৱত  আম আদমী পাৰ্টি(আপ)ৰ বঙাইগাঁও জিলা সমিতিয়ে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।বঙাইগাঁও চহৰৰ পাগলাস্থানত দিনৰ ১ বজাৰ পৰা ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰাসকলে হাতে হাতে বিভিন্ন প্লেকাৰ্ডলৈ 'কা' আমি নামানো, আমি 'কা' ৰ বিৰোধিতা কৰো আদি শ্লোগান দিয়ে ৷ কাৰ্যসূচীৰ অন্তত জিলা সমিতিয়ে অসমত 'নাগৰিকত্ব সংশোধনী আইন -২০১৯' বলৱৎ নকৰিবলৈ অসম বিধান সভাত প্ৰস্তাৱ গ্ৰহণ কৰাৰ বাবে আবেদন জনাই জিলা উপায়ুক্তৰ জৰিয়তে অসম বিধান সভাৰ অধ্যক্ষলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।ইফালে,বঙাইগাঁও জিলা আপৰ জিলা সমন্বয়ক ডাঃ অজয় কুমাৰ ভূঞাই সংবাদ মাধ্যমৰ আগত কয় যে নাগৰিকত্ব সংশোধনী আইনখন অসমৰ সামগ্ৰিক স্বাৰ্থৰ পৰিপন্থী।সেয়ে অসম আৰু অসমীয়া জাতিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এই জাতিধ্বংসী আইনখনৰ আমি তীব্ৰ বিৰোধিতা কৰিছো আৰু এই আইনখন  যাতে অসমত বলৱৎ কৰা নহয়,সেই সন্দৰ্ভত অসম বিধান সভাক এটা প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁঁ।যিহেতু বৰ্তমান অসম বিধান সভাৰ অধিৱেশন চলি আছে,সেয়ে আইনখন বলৱৎ নকৰিবলৈ বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ আমি বিধানসভাৰ অধ্যক্ষলৈ জিলা উপায়ুক্তৰ জৰিয়তে এখন স্মাৰক-পত্ৰও প্ৰেৰণ কৰিছোঁঁ।অৱস্থান ধৰ্মঘট কাৰ্যসূচীত জিলা সমিতিৰ সহঃ সমন্বয়ক বিপ্লৱ দাস আৰু মহঃ ৰেজা,জিলা সমিতিৰ সম্পাদক বিনয় ঝা আদি উপস্থিত থাকে ৷ 

 

Your Comments