পোষণ পষেক উপলক্ষে শিৱসাগৰত সহযোগী বিভাগ সমূহৰ সমকেন্দ্ৰিক সভা

Sib

শিৱসাগৰ :
শিৱসাগৰ জিলাৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত অহা ৮ মাৰ্চৰ পৰা ২২ মাৰ্চলৈ অনুষ্ঠিত হ'বলগীয়া "পোষণ পষেক- ২০২০" উপলক্ষে বৃহস্পতিবাৰে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চুকাফা সভাকক্ষত সহযোগী বিভাগ সমূহৰ লগত এখন সমকেন্দ্ৰিক সভা অনুষ্ঠিত হয়।

অতিৰিক্ত উপায়ুক্ত জুনুমণি সোনোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত প্ৰয়োজনীয় পুষ্টিৰ যোগানেৰে শিশুৰ স্বাস্থ্য সুৰক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে অনুষ্ঠিত হ'বলগীয়া পোষণ পষেকৰ প্ৰস্তুতিৰ বাবে সমাজ কল্যাণৰ লগতে সহযোগী বিভাগ সমূহে গ্ৰহণ কৰিবলগীয়া বিভিন্ন কাৰ্যসূচীৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। 

জিলা সমাজ কল্যাণ বিষয়া দীপালি দেৱীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত অতিৰিক্ত উপায়ুক্ত জুনুমনি সোনোৱালে পোষণ পষেক উদযাপনৰ বিভিন্ন কাৰ্যসূচীয়ে শিশু, কিশোৰী আৰু গৰ্ভৱতী মহিলাৰ সুস্বাস্থ্যৰ বাবে প্রয়োজনীয় পুষ্টি যোগান সম্পৰ্কে সজাগতা বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ সমূহ সহযোগী বিভাগক পোষণ পষেকৰ সকলো কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰি এই অভিযানক জন আন্দোলন ৰূপে গঢ়ি তুলিবলৈ আহ্বান জনায়।

এই সভাতে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে শিশু, কিশোৰ আৰু মহিলা সকলক অপুষ্টিহীনতাৰ পৰা মুক্ত কৰি সুস্থ আৰু সবল কৰাৰ বাবে উপস্থিত সকলোকে সমন্বয় আৰু উদ্যমেৰে কাম কৰি যাবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, অহা ৮ মাৰ্চত শিৱসাগৰ ছোৱালী মহাবিদ্যালয় প্ৰাঙ্গনত দিনৰ ১১ বজাত পোষণ পষেক কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ব।

Your Comments