নিউজ ডেস্ক :
নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা'ৰ বিৰোধিতাৰে সংগ্রাম কৰা একাংশ জাতীয় সংগঠনৰ নেতাক সোধ-পোচৰ বাবে বুধবাৰে তলব কৰে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই। মহানগৰীৰ পানবজাৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত সোধ-পোচৰ বাবে মতা হয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে অন্য বহুকেইটা সংগঠনৰ প্ৰায় ১০গৰাকী নেতাক।
উল্লেখ্য যে আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই নিজাববীয়াকৈ ৰুজু কৰা গোচৰ ০১/২০১৯ সেই অনুসৰি ধাৰা U/S 120(B)/122/123/143/147/148/149/150/152/153/326/333/353আইপিচিৰ অধীনত পৃথকে পৃথকে জেৰাৰ সন্মুখীন হয় অনুসূচিত জাতি যুৱ পৰিষদৰ সভাপতি ৰুবুল দাস, স্বৰাজ অসমৰ আহ্বায়ক ভবেন সন্দিকৈ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্ক'ডি শইকীয়া, কৃষক মুক্তিৰ উপদেষ্টা সুব্ৰত চক্ৰৱৰ্তী, ছাত্ৰ মুক্তিৰ মহানগৰ সমিতিৰ সভাপতি আশ্বিক আলী,পুথি প্ৰকাশক সংস্থাৰ ৰক্তিম ঠাকুৰীয়া,আই আই টি গুৱাহাটী গবেষক ছাত্ৰ হিমালয় বৰাৰ উপৰিও কৃষক মুক্তি মহানগৰ সমিতিৰ বহুকেইজন বিষয়ববীয়া।
অপৰাধ অনুসন্ধান শাখাৰ সহকাৰী আয়ুক্ত পুতুল বৈশ্যৰ নেতৃত্বত এটা বিশেষ আৰক্ষী বিষয়াৰ দলে একেলগে বহু সময় জেৰা চলায় নেতা কেইগৰাকীক।
জেৰাৰ সন্মুখীন হৈ আহি সংবাদ মাধ্যমৰ আগত অনুসূচিত জাতি যুৱ পৰিষদৰ সভাপতি ৰুবুল দাসে জানিবলৈ দিয়ে যে কা'ৰ বিৰূদ্ধে যোৱা ১১ আৰু ১২ ডিচেম্বৰত গুৱাহাটীত সংঘটিত হোৱা ঘটনাৰ সন্দৰ্ভত সোধা-পোচা কৰিবৰ বাবে আমাক মাতি অনা হৈছিল।যি মানলৈকে আৰক্ষীক সহযোগিতা কৰিব লাগে আমি আগবঢ়াইছো।‘
ইয়াৰ উপৰিও বিগত সময়ছোৱাত কৃষক নেতা অখিল গগৈৰ লগতে সংগঠনটো অন্যান্য নেতা-কৰ্মীৰ লগত টেলিফোনিক বাৰ্তালাপৰ উপৰিও সভা সমিতি আয়োজন কৰা সন্দৰ্ভত আটাইবোৰ কথা তদন্তকাৰী দলক দাসে জানিবলৈ দিয়া বুলি উল্লেখ কৰে।
গুৰুত্বপূৰ্ণ কথা এই যে ২০১৫ চনৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত বহুবাৰ প্ৰতিবাদী কাৰ্য্যসূচী কৰিছোঁ। অসম লোকসেৱা আয়োগৰ বিৰুদ্ধে আন্দোলন কৰি গ্ৰেপ্তাৰ হৈ অখিল আৰু কমল কুমাৰ মেধিৰ লগত জেইল থকা সময়ৰ কথাও সোধা পোচাত ব্যক্ত কৰা বুলি দাসে কয়।
একেদৰে আন্দোলনৰ বাবে পুঁজি ক’ৰ পৰা আহিছিল অথবা আন্দোলনৰ সৈতে মাওবাদী বা সশস্ত্ৰ সংগঠনৰ কোনো নেতা জড়িত হৈ আছে নেকি সেই সম্পৰ্কেও সোধা-পোচা কৰে তদন্তকাৰী দলে।
তাপৰ্যপূৰ্ণ কথা এই যে সৰ্বানন্দ সোণোৱালৰ গৃহ বিভাগৰ আৰক্ষী বিষয়াসকল কা বিৰোধী আন্দোলনক লৈ যথেষ্ট শংকিত তথা চিন্তিত বুলি উল্লেখ কৰি দাসে কয় নতুনকৈ গঠিত হ'ব লগা ৰাজনৈতিক শক্তি তোক নিঃশেষ কৰিবৰ বাবে উঠি-পৰি লাগিছে। যাৰ বাবে কা বিৰোধী সংগঠনৰ পৰা বাছি বাছি কিছুসংখ্যক সংগঠনৰ নেতা কৰ্মীক তলব কৰা হৈছে"।
বৰ্তমান অসম আৰক্ষী সোণোৱাল নেতৃত্বাধীন বিজেপি আৰু আৰ এছ এছৰ পোহনীয়া গুণ্ডালৈ ৰূপান্তৰিত হোৱা বুলিও দাসে তাৎপৰ্যপূৰ্ণ মন্তৱ্য কৰে।
ইফালে আৰক্ষীক অৱগত নকৰাকৈ গুৱাহাটীৰ বাহিৰ নহবলৈ তলব কৰা জাতীয় দল সংগঠনৰ নেতৃত্বক নিৰ্দেশ প্ৰদান কৰা হৈছে বুলিও জানিব পৰা গৈছে। এই সন্দৰ্ভত দাসে কয় 'এইয়া আমাৰ ওপৰত চলোৱা এক মানসিক নিৰ্যাতন।ফোনকলৰ ৰেকৰ্ড দেখুৱাই আমাক ভয় ভাবুকি দিব বিচাৰিছে।যাতে আমি আন্দোলন নকৰো বা সংগঠন কৰিবলৈ ভয় কৰো তাকে কৰিব চেষ্টা কৰিছে"।
ইফালে কৃষক নেতা অখিলৰ সৈতে স্বৰাজ অসমৰ আহ্বায়ক ভবেন সন্দিকৈৰ চিনাকী কিমান দিনৰ আৰু কেতিয়াৰ পৰা তেওঁলোকৰ সৈতে সম্পৰ্ক আছে সেয়া সোধা বুলি উল্লেখ কৰি সন্দিকৈয়ে কয় যে "কা'ৰ বিৰোধীতাৰ সময়ত অখিলৰ লগত কেনেকৈ সম্পৰ্ক হৈছিল তাৰ বিতং তথ্য বিচৰা বুলিও তেওঁ জানিব দিয়ে।অখিলৰ সৈতে কটন কলেজত পঢ়া সময়ৰে পৰা সম্পৰ্ক আছিল আৰু যাৰ বাবেই ফোনত প্ৰায়ে কথা-বতৰা হৈ থকা বুলি জেৰাৰ সময়ত প্ৰকাশ কৰা বুলি সন্দিকৈয়ে সাংবাদিকৰ আগত কয়।
ইফালে এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি এই গোচৰত ৪০জনতকৈয়ো অধিক "কা" বিৰোধী নেতাক তলব কৰিব আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই।
- Log in to post comments
- 29 views