বৃহস্পতিবাৰে এনএফ ৰেলৱে মুখ্যকাৰ্যলয়ত বিক্ষোভ প্ৰদৰ্শন কৰিব মজদূৰ ইউনিয়নে :ৰেলৰ চকা বন্ধ কৰি দিয়াৰো হুংকাৰ

Rail

নিউজ ডেস্ক :

দেশৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানক ব্যক্তিগত কৰণ কৰা আৰু নতুন পেঞ্চন নীতিৰ বিৰোধিতাৰে বৃহস্পতিবাৰে উত্তৰ-পূৰ্ব ৰেলৱেৰ মুখ্য কাৰ্যালয়ত বিক্ষোভ প্ৰদৰ্শন কৰিব  উত্তৰ-পূৰ্ব ৰেলৱে মজদূৰ ইউনিয়নে।  মালিগাঁওস্থিত উত্তৰ-পূৰ্ব ৰেলৱে মহাপ্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত গ্ৰহণ কৰিব লগা বিক্ষোভ কাৰ্যসূচীৰ কথা আজি এক সংবাদ মেল যোগে ঘোষণা কৰে এন এফ ৰেলৱেৰ যুটীয়া সম্পাদক আশীষ বিশ্বাসে।এই সম্পৰ্কত বিশ্বাসে
কয় "ইউনিয়ৰ হাজাৰ হাজাৰ কৰ্মচাৰীৰ প্ৰতিবাদত কঁপিব এন এফ ৰেলৱে মুখ্য কাৰ্যালয়।এইয়া আমাৰ আৰম্ভণিহে"।

উল্লেখ যে ভাৰতৰ পৰিবহন ব্যৱস্থাত কম খৰচী ভ্ৰমণ হিচাপে পৰিগণিত হৈ অহা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ৰেলৱেক ভাৰত চৰকাৰে নিজৰ পুঁজি বৃদ্ধি কৰিবলৈ ব্যক্তিগতকৰণ কৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰি অল ইণ্ডিয়া ৰেলৱে মেনচ ফেডাৰেচনৰ সভাপতি ৰাখাল দাসগুপ্তই কয় "সমগ্ৰ দেশত এই পৰ্যন্ত প্ৰায় ১৫০খন ৰেল আৰু ৫০টা ৰেলৱে ষ্টেচন ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰিছে। তাৰে কিছু সংখ্যকৰ ইতিমধ্যে নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ন হৈছে যদিও কিছু এতিয়াও বাকী আছে"।

গুৰুত্বপূৰ্ণ কথা এই যে ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰা ৫০টা ৰেলৱে ষ্টেচনৰ ভিতৰত উত্তৰ-পূৰ্ব ৰেলৱে অন্তৰ্গত কামাখ্যা ৰেল ষ্টেচনো অন্তৰ্ভুক্ত হৈছে।কিন্তু ইউনিয়নৰ বিৰোধিতা বাবে এই পৰ্য্যন্ত হস্তান্তৰ কৰিব পৰা নাই চৰকাৰে এই কথা জানিবলৈ দিয়ে সভাপতি দাস গুপ্তই।

ইয়াৰ উপৰিও সংবাদ মেলত আন কিছু গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰি তেওঁ কয় যে তথ্য অনুসৰি উত্তৰ-পূৰ্ব ৰেলৱে অন্তৰ্গত ৭খনকৈ লাভজনক ৰেল চৰকাৰে ব্যক্তিগত খণ্ডক হস্তান্ত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ ভিতৰত আছে গুৱাহাটী-তিলক ব্ৰিজ, কাটিহাৰা-তিলক ব্ৰিজ, কৃষাণগঞ্জ-তিলক ব্ৰিজ, কুচভেলী-গুৱাহাটী, টিচিটিবি-গুৱাহাটী, চেকেন্দ্ৰাবাদ-গুৱাহাটী আদি। বৰ্তমান সময়লৈকে নিবিদাৰ প্ৰক্ৰিয়া সম্পূৰ্ন হোৱা নাই যদিও অতি কম সময়ৰ ভিতৰতে এই নিবিদা সম্পূৰ্ন হোৱাৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰে সভাপতি দাসগুপ্তাই।

উল্লেখ যে ২০২০-২১বিত্তীয় বৰ্ষৰ বাজেটত দেশৰ ৰাজহুৱা খণ্ড উদ্যোগ সমূহ বিক্ৰী কৰিবলৈ চৰকাৰে ২লাখ ১০ হাজাৰ কোটি টকা নিৰ্ধাৰণ কৰা বুলি সংবাদ মেলত জানিবলৈ দিয়ে।

গুৱাহাটীৰ প্ৰেছ ক্লাৱত ইউনিয়নে আজি সম্বোধন কৰা সংবাদ মেলখনত উপস্থিত কৰ্মচাৰী সকলৰ স্পষ্ট ঘোষণা " ৰেলৱে খণ্ডক ব্যক্তিগতকৰণ কৰিলে পুনৰ ১৯৭৪ চনৰ দৰে ৰেল সেৱা বন্ধ কাৰ্যসূচী ঘোষণা কৰা হ'ব।অনিৰ্দিষ্ট কালৰ বাবে বন্ধ হ'ব ৰেলৰ চকা"।

সংবাদ মেলত উপস্থিত আছিল যুটীয়া সম্পাদক দিলীপ চক্ৰৱৰ্তী, সমীৰ চক্ৰৱৰ্তী প্ৰমুখ্যে মজদূৰ ইউনিয়নৰ আন বহু সদস্য।

Your Comments