অসমৰ জাতীয় জীৱন আৰু সংগ্রামত অখিলৰ গুৰুত্ব আছে,আমি তেওঁক মৰি যাব দিব নোৱাৰো- কমল কুমাৰ মেধি

#akhil gogoi and kamal kumar madhi#

 নিউজ ডেস্ক:
বিতর্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যবাসীক ঐক্যবদ্ধ কৰি চৰকাৰৰ বিৰুদ্ধে বৃহৎ গণসংগ্রাম আৰম্ভ কৰাৰ অপৰাধতে মাওবাদীৰে সম্পৰ্ক ৰক্ষাৰ অভিযোগ তুলি ৰাষ্ট্ৰীয় তদন্তকাৰী সন্থাই গ্ৰেপ্তাৰ কৰা অখিল গগৈৰ কাৰাৰুদ্ধ জীৱনে তিনি মাহ সম্পূৰ্ন কৰিবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী।তদন্তকাৰী সন্থা চমুকৈ নিয়াই গগৈ বিৰুদ্ধে উথাপন কৰা অভিযোগ কিমান সত্য প্ৰতিপন্ন কৰিব পাৰে সেইয়া জানিবলৈ আৰু তিনিমাহ ৰাজ্যবাসীয়ে অপেক্ষা কৰিব লাগিব।কিয়নো তদন্তৰ সম্পূৰ্ন প্ৰতিবেদন আদালতক নিয়াই দাখিল কৰিব লগা সময় হৈছে নূন্যতম ৬মাহ। সেই অনুসৰি এটা কথা স্পষ্ট তদন্তৰ সম্পূৰ্ন নোহোৱালৈকে হয়তো গগৈ কাৰাগাৰতে আৱদ্ধ হৈ থাকিব লাগিব।

কিন্তু গুৰুত্বপূৰ্ণ কথা এই যে তদন্ত সম্পূৰ্ন হোৱা লৈকে সংগ্রামী নেতা গৰাকী জীয়াই থাকিব নে!চৰকাৰে সঁচাকৈ এজন অভিযুক্তই পাব লগা সুবিধা সমূহ গগৈক দিব নে!এই প্ৰশ্ন এতিয়া অসমৰ বহু সচেতন ৰাইজৰ মুখে মুখে।
উল্লেখ্য যে যোৱা চাৰিদিন ধৰি গুৰুত্বৰ ভাৱে অসুস্থ গগৈৰ উঠিব পৰা নাই বিছনাৰ পৰা।তেওঁক কাৰাগাৰত সাক্ষাৎ কৰিবলৈ যোৱা পত্নী আৰু ভাতৃকো তেওঁ লগ কৰিবলৈ বিছনাৰ পৰা উঠি আহিব পৰা নাই।তাৰ পিছতো গগৈৰ উপযুক্ত চিকিৎসাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে। 

অখিল গগৈৰ একালৰ সংগ্ৰামী সতীৰ্থ কমল কুমাৰ মেধিয়ে এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কৃষক নেতা গৰাকীক শনিবাৰে গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসা কৰিবলৈ আনোতে মই চিকিৎসকক তেওঁৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ বাৰে বাৰে অনুৰোধ কৰাৰ লগতে এজন সাধাৰণ ৰোগীৰ দৰে অখিল গগৈকো ব্যৱহাৰ কৰিবলৈ কৈছিলোঁ। এজন অসুস্থ মানুহৰ দৰে তেওঁকো চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ বাৰে বাৰে চিকিৎসক সকলক অনুৰোধ কৰাৰ পিছতো তেওঁলোকে কোনো গুৰুত্বৰ নিদিলে।তাৰ বিপৰীতে সাধাৰণ পৰীক্ষা নিৰীক্ষা কৰিয়েই জেললৈ পঠিয়াই দিলে"।

ইফালে অখিলৰ লগত আজি দীৰ্ঘ দিনে কাৰাগাৰত বন্ধী হৈ থকা ধৈৰ্য-মানস আৰু বিতু হতে অসহায়ভাবে তেওঁৰ ক্ষেত্ৰত একো কৰিব নোৱাৰি কন্দা-কটা কৰিছে বুলি উল্লেখ কৰি মেধিয়ে সৰ্বানন্দ-হিমন্ত-ৰঞ্জিত দাস প্ৰশ্ন উথাপন কৰি কয় "অখিলক তিল-তিলকৈ মৰিবলৈ এৰি দিব নিকি"!

মেধিয়ে বিজেপি দলক অতীত ৰোমন্থন কৰাই দি পুনৰ কয় যে ৰাজ্যত বিজেপি চৰকাৰ নাথাকোতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যেতিয়া আন্দোলন কৰিছিল আৰু অখিল কাৰাৰুগ্ধ হৈ পূৰ্বতেও যেতিয়া চিকিৎসাধীন হৈছিল সেই সময়ত বিজেপি নেতা সকল তেওঁৰ খবৰ লবলৈ  উবুৰি খাই পৰিছিল।একে কেইজন মানুহ শাসনলৈ অহাৰ তেওঁৰ প্ৰতি এনে আচৰণ সচাই দুৰ্ভাগ্যজনক। মেধিয়ে পুনৰ কয় যে কাৰোবাৰ লগত কাৰোবাৰ ৰাজনৈতিক শত্ৰুতা আৰু মতৰ অমিল থাকিব পাৰে কিন্তু এটা কথা ঠিক যে অসমৰ জাতীয় জীৱন আৰু সংগ্রামৰ কাৰণে অখিল এজন গুৰুত্বপূৰ্ণ মানুহ।তেওঁক আমি মৰিবলৈ এৰি দিব নোৱাৰো- প্ৰাক্তন সতীৰ্থ মেধিয়ে কয়।

বিজেপি চৰকাৰে এজন বেমাৰীক লৈয়ো ৰাজনীতি কৰা বুলি উল্লেখ কৰি মেধিয়ে চৰকাৰক সকীয়নী প্ৰদান কৰি কয় "বালিলে যি পাত এদিন সুগ্ৰীৱলৈ সেই পাতে হ'ব।আপোনালোকৰ এই আচৰণৰ বাবেই  এদিন আপোনালোকো ক্ষমতাৰ পৰা বিতাড়িত হব"।

Your Comments