আৰটিআই কর্মী দুলাল বৰাক আকৌ গ্ৰেপ্তাৰ

Pic

পুনৰ অসম আৰক্ষীৰ ক্ৰাইম ব্ৰান্সৰ হাতত গ্ৰেপ্তাৰ হ'ল আৰটিআই কর্মী দুলাল বৰা।গুৱাহাটীৰ বশিষ্ঠ আৰক্ষী থানাত ইফটিকাৰ আলি নামৰ এগৰাকী ব্যক্তিয়ে বৰাৰ বিৰুদ্ধে ব্লেক মেইলৰ অভিযোগ তুলি দাখিল কৰিছিল এজাহাৰ।সেই এজাহাৰ ১৩/২০২০ নম্বৰৰ গোচৰৰ ভিত্তিতে মঙলবাৰে বৰাক গ্ৰেপ্তাৰ কৰা হয়।উল্লেখ্য যে প্ৰাপ্ত খবৰ অনুসৰি বৰাৰ কন্ঠস্বৰ পৰীক্ষা আৰু ফোন ৰেকৰ্ডিঙৰ কঠোপকথনৰ ওপৰত ভিত্তি কৰি তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। গুৰুত্বপূৰ্ণ কথা এই যে আৰটিআই কর্মী বৰাৰ ইতিমধ্যে সকলো সম্পত্তি ছিল কৰিছে 'ইডি'য়ে।আয় বৰ্হিভূতভাৱে সম্পত্তি আহৰণৰ অভিযোগ আছে বৰাৰ বিৰুদ্ধে।

Your Comments