মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত কাৰাৰুদ্ধ হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈৰ স্বাস্থ্যৰ ক্ৰমাৎ অৱনতি ঘটিছে।বিগত তিনিদিন ধৰি সংগ্রামী নেতাগৰাকী উঠিব পৰা নাই বিচনাৰ পৰা।প্ৰচণ্ড জ্বৰ-পেটবিষৰ লগতে গগৈ গুৰুতৰভাৱে আক্রান্ত হৈছে অন্য বহুকেইটা ৰোগত।এই মৰ্মান্তিক খবৰটো প্ৰকাশ কৰিছে কাৰাৰুদ্ধ গগৈৰ ভাতৃ তথা অসমপ্ৰেমী যুৱ সমাজৰ উপদেষ্টা মনোজ গগৈয়ে।
সোমবাৰে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত দুটা মাহ কাৰাৰুদ্ধ হৈ থকা সংগ্ৰামী নেতাগৰাকীক সাক্ষাৎ কৰিবলৈ জন্মস্থান যোৰহাট টিয়কৰ পৰা আহিছিল ভাতৃ মনোজ।কিন্তু দুৰ্ভাগ্যজনক কথা এই যে গুৰুতৰভাৱে ৰোগত আক্রান্ত কাৰাৰুদ্ধ ককায়েক অখিলে ভাতৃক সাক্ষাৎ কৰিবলৈ বিচনা পৰাই উঠি আহিব নোৱাৰিল।সংগঠনটোৰ অন্য তিনিজন কাৰাৰুদ্ধ নেতা ধৈৰ্য কোঁৱৰ, বিতু সোনোৱাল আৰু মানস কোঁৱৰকে সাক্ষাৎ কৰি ভাতৃ মনোজে বুজ লয় কাৰাৰুদ্ধ গগৈৰ স্বাস্থ্য।কৃষক নেতা অখিল গগৈৰ স্বাস্থ্যৰ বুজ লৈ ভাতৃ মনোজে আৱেগিক হৈ সংবাদ মাধ্যমৰ আগত কয়-"মোৰ জীৱনৰ বাবে এটা দুৰ্ভাগ্যজনক মুহূৰ্ত হ'ব।চকুলো টুকি,কান্দি-কান্দি কাৰাগাৰ পৰা মই আহিছোঁ।গুৰুতৰভাৱে অসুস্থ হৈ অখিল দা তিনিদিন উঠা নাই বিচনাৰ পৰা"।
"গুৱাহাটী মেডিকেল কলেজ হাস্পতালত শনিবাৰে চিকিৎসা কৰিবলৈ নিয়াৰ পিছৰে পৰা তীব্ৰ জ্বৰ,পেট আৰু কঁকাল বিষত আক্রান্ত হৈছে"-ভাতৃক এই দুখৰ খবৰ জানিবলৈ দিয়ে কাৰাৰুদ্ধ অন্য তিনি গৰাকী গগৈ সতীৰ্থ ধৈৰ্য-বিতু আৰু মানসে।
ইফালে সংগ্রামী নেতাগৰাকীৰ এই মৰ্মান্তিক খবৰ ভাতৃয়ে ৰাজহুৱা কৰাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কৃষক মুক্তি সংগ্রাম সমিতিৰ সদস্যসকলৰ মাজত।
প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংগঠনটোৰ নেতা হুছেইন মহম্মদ শ্বাহজাহানে চৰকাৰে কাপুৰুষৰ দৰে আচৰণ কৰা বুলি উল্লেখ কৰি কয়-'বিনা দোষত অখিল গগৈক জেলত বন্দী কৰি তেওঁলোক ক্ষান্ত হোৱা নাই।অসুস্থ গগৈক জেলৰ ভিতৰত হত্যা কৰা ষড়যন্ত্ৰ কৰিছে।'
জেলৰ ভিতৰত থকা অসহায় তিনি সতীৰ্থই উদ্বিগ্ন হৈ কন্দা-কটা কৰিছে।'দীৰ্ঘদিন ধৰি গুৰুতৰভাৱে অসুস্থ হৈ থকাৰ পিছতো কিয় উন্নত চিকিৎসা ব্যৱস্থা কৰা নাই চৰকাৰে'-শ্বাহজাহানৰ প্ৰশ্ন।
কাপুৰুষ সৰ্বানন্দ সোণোৱাল আৰু ড: হিমন্ত বিশ্ব শৰ্মাহতে জেলৰ ভিতৰত অখিলক হত্যা কৰা ষড়যন্ত্ৰ কৰিছে।
জেলৰ ভিতৰত গুৰুতৰভাৱে অসুস্থ মানুহ এজনক চিকিৎসা প্ৰদান নকৰি তিলে-তিলে মৰিবলৈ পেলাই থোৱা বুলি অভিযোগ কৰি শ্বাহজাহানে কয়-"অতি শীঘ্ৰে গগৈৰ চিকিৎসাৰ ব্যৱস্থা কৰক।অন্যথা অসমৰ ৰাইজক কৈ গুলীয়াই মাৰিক।চকু কুটা-দাঁতৰ শূল যদি হৈছে খোলা-খুলিকৈ হত্যা কৰক।কিন্তু তিলে-তিলে অধমৰ দৰে তেওঁক নামাৰিব"।
উপযুক্ত চিকিৎসা প্ৰদানৰ দাবী জনায় চৰকাৰক সকীয়নী প্ৰদান কৰি শ্বাহজাহানে কয়-"উপযুক্ত চিকিৎসা প্ৰদান নকৰিলে হাজাৰ হাজাৰ মানুহ লৈ জেলৰ সন্মুখত গঢ়ি তোলা হ'ব তীব্ৰ গণতান্ত্ৰিক উত্তাল আন্দোলন।"
- Log in to post comments
- 217 views