প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৯ বর্ষৰ ফেব্ৰুৱাৰী মাহত আধাৰশিলা স্থাপন কৰা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৬ লেন যুক্ত দলঙৰ কাম দেওবাৰে ভূমি পূজনেৰে আৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।৮.৪ কি:মি: দৈৰ্ঘৰ দলংখনৰ নিৰ্মাণ-কাৰ্য উদ্ধোধনী অনুষ্ঠান সোণাৰাম খেলপথাৰৰ পিছফালে আয়োজন কৰা হয়।
উল্লেখ যে অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ হ'ব লগা ৬।লেনযুক্ত দলংখন
নিৰ্মানৰ বাবে আৱন্টন দিয়া হৈছে ২৬০৮কোটি টকা।চাৰি বছৰৰ ভিতৰত নিৰ্মাণকাৰী প্ৰতিষ্ঠানে সম্পূৰ্ণ কৰিব লাগিব দলংখন।সেই অনুসৰি নিৰ্মানকাৰী সংস্থাৰ সৈতে ২০২৩ৰ ১৩ আগষ্টত ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ চুক্তি কৰিছে ৰাজ্য চৰকাৰ।দলংখনৰ নিৰ্মাণত জড়িত হৈছে ব্ৰাজিলৰ ছিষ্টাৰ নামৰ এটা প্ৰতিষ্ঠান।লগত থাকিব হাৰিয়ানাৰ এছ পি ছিংলা নামৰ এটা প্ৰতিষ্ঠানো।
গুৰুত্বপূৰ্ণ কথা এই যে ৬ লেনযুক্ত দলংখন হ'ব ত্ৰিকোণিয়া।ইংৰাজী Y আখৰ সদৃশ দলংখন কলকাতাৰ ভগ্নী নিবেদিতা সেতুৰ দৰে দৃষ্টিনন্দন হ'ব বুলি উল্লেখ কৰে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।দলংখনে সংযোগ কৰিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথক।গুৱাহাটীত হ'ব লগা দলংখনৰ মূূৰ দুটা হ'ব।তাৰে এটা মালিগাঁৱত আৰু আনটো মাছখোৱাত থাকিব।
গুৰুত্বপূৰ্ণ কথা এই যে ৰাজ্যৰ গড়কাপ্তানি বিভাগৰ অধীনত নিৰ্মান হব সৰ্ব বৃহৎ প্ৰকল্পতো।
- Log in to post comments
- 17 views