'সুস্থ জুবিন,হেডফোন লগাই শুনিছে গান':সম্পূৰ্ণ সুস্থ হোৱালৈকে আৰু তিনি-চাৰিটা দিন ৰখা হ'ব আইচিইউত

Pic

ৰাইজৰ মৰমৰ শিল্পী জুবিন গাৰ্গ সম্পূৰ্ণ সুস্থ হৈছে।এই কথা দেওবাৰে প্ৰকাশ কৰিছে নেমকেয়াৰৰ জ্যেষ্ঠ চিকিৎসক ডাঃ হিতেশ বৰুৱাই।বৰুৱাই প্ৰকাশ কৰা অনুসৰি শিল্পীগৰাকীক সম্পূৰ্ণ সুস্থ হ'বলৈ প্ৰয়োজন হ'ব এসপ্তাহৰ জিৰণি।তাৰ প্ৰতি লক্ষ্য ৰাখি আৰু তিনি-চাৰিটা দিন ৰখা হ'ব আইচিইউত। "দেওবাৰে পুৱা ৬ বজাত শুই উঠি নিজে বাথৰূমলৈ যাবলৈ পাৰিছে।হেডফোনত গান শুনি আছে শিল্পী জুবিনে।আমাৰ বাবে এইটো সুখৰ খবৰ"-চিকিৎসক বৰুৱাই কয়। ৰাইজলৈ আহ্বান জনাই চিকিৎসক বৰুৱাই কয়-"জুবিনক শাৰীৰিক আৰু মানসিক জিৰণিৰ প্ৰয়োজন।জিৰণি নোহোৱাকৈ কাম কৰাৰ বাবে হঠাৎ অসুস্থ হৈছিল।এতিয়া আমি সিদ্ধান্ত লৈছোঁ শাৰীৰিক আৰু মানসিক জিৰণিৰ বাবে আৰু তিনি-চাৰিটা দিন আইচিইউত ৰখা হ'ব।" "সুন্দৰভাৱে আছে আৰু সুন্দৰভাৱে চিকিৎসা চলিছে।ৰাইজে কোনো কাৰণত চিন্তা কৰাৰ প্ৰয়োজন নাই।যদি কোনোৱে ঘৰৰ মানুহক লগ কৰিবলৈ খোজে,তেন্তে পত্নী গৰিমা গাৰ্গ বা অন্যান্য ঘৰৰ মানুহক লগ কৰক।পোনপটীয়াকৈ জুবিনক সাক্ষাৎ কৰিব নালাগে,এইয়া অনুৰোধ কৰিছোঁ"- বৰুৱাই ৰাইজক উদ্দেশ্য কৰি কয়। ইফালে সুস্থ জুবিনে নিজে চিকিৎসালয়ৰ পৰা যাওঁ যাওঁ কৰি থকা বুলি উল্লেখ কৰি ডাঃ বৰুৱাই কয়-"তেওঁ যিহেতু একে ঠাইতে বেছি সময় থাকিবলৈ নোৱাৰে।তেওঁক ধৰি ৰখাতো বহুত কষ্টৰ কথা।তথাপিও আমি চেষ্টা কৰিছোঁ দুই-তিনিটা দিন ধৰি ৰখাৰ।" "অন্য আইচিইউ ৰোগীৰ অসুবিধা নোহোৱাকৈ জুবিনক সম্পূৰ্ণ পৃথককৈ ৰখা হৈছে।তাত খোৱা-লোৱাৰ পৰা সকলোখিনি কৰিব পৰাকৈ আছে।তালৈ যাতে কোনো অনুৰাগী বা সমৰ্থক যাবলৈ চিকিৎসালয় কৰ্তৃপক্ষক অনুৰোধ নকৰে।আমি যাবলৈ দিয়া নাই।"-ডাঃ বৰুৱাই কয়। উল্লেখ্য যে যোৱা শুকুৰবাৰে গুৱাহাটীত এটা অনুষ্ঠানত হঠাৎ অসুস্থ হৈ পৰিছিল জুবিন।তাৰ পিছতে ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত।

Your Comments