অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড: পৰমানন্দ ৰাজবংশী আৰু 'নেহু'ৰ অধ্যাপক ড:জ্যোতিৰ্ময় প্ৰধানীৰ প্ৰচেষ্টাত শনিবাৰে অনুষ্ঠিত হয় কোচ-ৰাজবংশী ঐক্য অভিৱৰ্তন।গুৱাহাটীৰ অসম সাহিত্য সভাৰ লক্ষ্মীৰাম বৰুৱা ভৱনত অনুষ্ঠিত অভিৱৰ্তনখনত অংশগ্ৰহণ কৰে কোঁচ-ৰাজবংশীসকলৰ প্ৰায় ১৭টাকৈ সংগঠনে।কোঁচ-ৰাজবংশীসকলৰ সংগঠনসমূহক ঐক্যবদ্ধ কৰি তেওঁলোকৰ দীর্ঘদিনীয়া সমস্যাসমূহ যাতে সমাধান কৰিব পৰা যায়,তাৰ বাবে মূলত: আয়োজন কৰা অভিৱৰ্তনখনত সংগঠনসমূহে প্ৰত্যেকে নিজৰ নিজৰ মতামতসমূহ ব্যক্ত কৰে।তাত উপস্থিত থকা কোঁচ-ৰাজবংশীৰ একাংশ সচেতন ব্যক্তিৰ অভিমত পৃথকে পৃথকে নহয়,কোঁচ-ৰাজবংশী সকলো সংগঠন ঐক্যবদ্ধ হৈ চৰকাৰৰ ওচৰলৈ যাব লাগে।অন্যথা গুৰুত্ব নিদিয়ে চৰকাৰে। আনহাতে,অভিৱৰ্তনৰ পিছতে দুই আহ্বায়ক ৰাজবংশী আৰু প্ৰধানীয়ে যুটীয়াভাৱে সম্বোধন কৰে সংবাদমেল।সংবাদমেল সম্বোধন কৰি অভিৱৰ্তনখনৰ মূল উদ্দেশ্য প্ৰকাশ কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা আহ্বায়ক ডঃ পৰমানন্দ ৰাজবংশীয়ে কয়- 'অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ মাজত কিছুমান অশনী সংকেত দেখা পাইছোঁ।সেই অশনী সংকেতসমূহ সমাধান কৰি জাতি গঠন প্ৰক্ৰিয়াক শক্তিশালী কৰাৰ বাবে অভিৱৰ্তনখনৰ আয়োজন কৰা হৈছে।লগতে তেওঁ কয় অভিৱৰ্তনৰ যোগেদি দিব বিচৰা হৈছে এটা ইতিবাচক বাৰ্তা।' 'বিটিআৰ' চুক্তিৰ ফলত জনগোষ্ঠীটো বঞ্চনাৰ স্বীকাৰ হৈছে বুলি উল্লেখ কৰি ৰাজবংশীয়ে আৰু কয়-'জনগোষ্ঠীৰ মৰ্যদা দিম দিম কৈ প্ৰতাৰণা কৰা হৈছে।স্বায়ত্ব শাসিত পৰিষদত ইতিমধ্যে দ্বিতীয় শ্রেণী হিচাপে চিহ্নিত হৈছে।' এই সন্দৰ্ভত অসম আৰু ভাৰত চৰকাৰক আহ্বান জনাই তেওঁ কয়- 'তেওঁলোকৰ দাবীক চৰকাৰে গুৰুত্ব দিয়া উচিত।যাতে বিদ্ৰোহী হৈ তেওঁলোকে অস্ত্ৰ তুলি নলয়।অন্যথা ক্ষোভৰ জুই বৃদ্ধি পাব।'
অভিৱৰ্তনখনত গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।সেই অনুসৰি প্ৰথম দাবী হৈছে- 'জনগোষ্ঠীটোক অতি শীঘ্ৰে জনজাতীয় মৰ্যাদা প্ৰদান কৰক।তাৰ বাবে আগন্তক অসম বিধানসভাৰ বাজেট অধিৱেশনত সমাধান কৰক।অন্যথা গঢ়ি তুলিব অসহযোগ আন্দোলন।' 'জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া দাবী পৃথক কমতাপুৰৰ বিষয়টোৰ ৰাজনৈতিকভাৱে সফল সমিধান কৰিব লাগে।লগতে,তেওঁলোকৰ ভাষা অষ্টম অনুচ্ছেদত অন্তৰ্ভুক্ত কৰিব লাগে।' ইয়াৰ উপৰিও কোচ ৰাজবংশীসকলৰ ইতিহাস বিজড়িত বিষয়সমূহ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব লাগে।লগতে ঐতিহ্যসমূহ সংৰক্ষণ কৰিব লাগে। নতুন সমষ্টিৰ বিন্যাসত কোঁচ-ৰাজবংশীসকলৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগে।বৃদ্ধি হ'ব লাগে কমতাপুৰৰ পৰিসৰ। বিটিআৰত কোচ ৰাজবংশীসকলৰ ভূমি আৰু অন্যান্য অধিকাৰসমূহ ৰক্ষা কৰাৰ বাবে চৰকাৰে ব্যৱস্থা লব লাগে।লগতে বড়ো সশস্ত্ৰ সংগ্রামীসকলৰ দৰে কোচ ৰাজবংশী সশস্ত্ৰ সংগঠন কেএলঅ'(KLO)ক আলোচনাৰ মজিয়ালৈ আনি শান্তি চুক্তি স্বাক্ষৰ কৰিব লাগে। আনহাতে অসমৰ সমূহ দল-সংগঠনক কোঁচ-ৰাজবংশীসকলৰ সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰৰ হেঁচা প্ৰয়োগ কৰিবলৈ সংবাদ মেলৰ জৰিয়তে আহ্বান জনায়।
- Log in to post comments
- 34 views