জনতাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ শাৰীৰিক অসুস্থতাৰ এটা মাত্ৰ খবৰ বিয়পি পৰা লগে লগে শুভাকাংখী-গুণমুগ্ধই প্রিয় শিল্পী গৰাকীৰ খবৰ লবলৈ নেমকেয়াৰ চিকিৎসালয়লৈ দৌৰি আহিল।কোনোৱে যদি আহিব পৰা নাই,শিল্পীগৰাকীৰ আৰোগ্য কামনা কৰি মন্দিৰে মন্দিৰে কৰিছে প্ৰাৰ্থনা।সকলোৰে মুঠতে এটাই কথা সুস্থ হওঁক জুবিন।অসম-অসমীয়াৰ বাবে সৃষ্টি কৰক নতুন নতুন গান, চিনেমা। শুকুৰবাৰে সন্ধিয়াৰ পৰা নেমকেয়াৰ হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ থকা নৱ-প্রজন্মৰ হাৰ্টথৱ শিল্পী জুবিনৰ স্বাস্থ্যৰ বুজ ল'লে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।শনিবাৰে নেমকেয়াৰ চিকিৎসালয়ৰ আইচিইউত থকা শিল্পী জুবিনক সাক্ষাৎ কৰি সংবাদ মাধ্যমৰ জৰিয়তে জুবিনৰ আশু-আৰোগ্য কামনা কৰে সোণোৱালে।তেওঁ কয় যে অসমবাসীৰ মৰমৰ শিল্পী জুবিন গাৰ্গ সুস্থ হৈ উঠক। সাংস্কৃতিক জগতত তেওঁ অৱদান আগবঢ়াই যাওক,তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো। মুখ্যমন্ত্ৰীৰ সৈতে প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী আৰু আইন উপদেষ্টা শান্তনু ভৰালীয়েও জুবিনৰ স্বাস্থ্যৰ বুজ লয়। আইন উপদেষ্টা শান্তনু ভৰালীয়ে কয়-"তেওঁ সম্পূৰ্ণভাৱে সুস্থ।কোনো ভয় কৰিব লগা কথা নাই।সমৰ্থক আৰু অনুৰাগীৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখিহে চিকিৎসাৰ খাতিৰত আইচিইউত ৰখাৰ প্ৰয়োজনীয়তা আছে।কাৰণ বেছি মানুহে লগ কৰিলে তেওঁৰো ওলাই আহি মানুহক কিবা এটা কবলৈ ইচ্ছা হ'ব।" স্বভাৱসুলভ ভঙ্গীমাৰে আছে,হাঁহিছে।নিজস্ব ষ্টাইলত চিকিৎসালয়ত আছে।ভৰালীয়ে লগতে কয়। উল্লেখ যে চিকিৎসালয়খনত ১২ গৰাকী চিকিৎসকৰ তত্বাৱধানত চিকিৎসা কৰি থকা জুবিন কিছু পৰিমাণে সুস্থ হৈ উঠিছে যদিও পৰীক্ষা-নীৰিক্ষাৰ বাবে দেওবাৰে আইচিইউৰ পৰা বাহিৰলৈ অনা হব। কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া চিকিৎসালয়ত উপস্থিত হৈ বুজ লয় জুবিনৰ স্বাস্থ্যৰ।শইকীয়াই আশু-আৰোগ্য কামনা কৰি জুবিন এতিয়া সুস্থ বুলি জানিবলৈ দিয়ে।
- Log in to post comments
- 17 views