জুবিন গাৰ্গৰ পিছতে এইবাৰ অসুস্থ কৃষক নেতা অখিল গগৈ।গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰতে ঢলি পৰিল কাৰাবন্দী কৃষক নেতা গগৈ।অসুস্থ কৃষক নেতা তথা 'কা' আন্দোলনৰ প্ৰৱল কন্ঠ হিচাপে পৰিচিত নেতাগৰাকীক ভৰ্তি কৰোৱা হৈছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত। উল্লেখ্য যে জ্বৰত আক্ৰান্ত হৈছে সংগ্ৰামী নেতাগৰাকী।ইয়াৰ উপৰিও ব্লাড ছুগাৰৰ তাৰতম্য ঘটিছে গগৈৰ। 'কা' বিৰোধী আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা কৃষক নেতাগৰাকীক মাওবাদীৰে সম্পৰ্ক থকাৰ গোচৰত যোৱা দুটাতকৈ অধিক মাহ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে।
- Log in to post comments
- 36 views