
বৃহস্পতিবাৰে নিৰ্বাচনী অধিসূচনা জাৰি গুৱাহাটী প্ৰেছ ক্লাবৰ ২০২০ বর্ষৰ সাধাৰণ নিৰ্বাচনৰ।প্ৰকাশ পালে ভোটাৰৰ সম্পূৰ্ণ তালিকা।এই কথা এখন সংবাদ মেল যোগে ঘোষণা কৰিলে নিৰ্বাচনৰ মুখ্য আহ্বায়ক প্ৰশান্ত জ্যোতি হাজৰিকাই।গুৱাহাটী প্ৰেছ ক্লাবত সম্বোধন কৰা সংবাদ মেলখনত হাজৰিকাই কয়-"মুঠ ১০টা পদৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন।তাৰে উপ-সভাপতি আৰু সহ-সাধাৰণ সম্পাদকৰ এটাকৈ পদ মহিলাৰ বাবে সংৰক্ষিত।"ইফালে,প্ৰাৰ্থীসকলে নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ বাবে আজি(২৭ফেব্ৰুৱাৰী) দিনৰ ২ বজাৰ পৰা প্ৰাৰ্থীসকলে ১মাৰ্চৰ আবেলি ৩ বজাৰ ভিতৰত দাখিল কৰিব লাগিব মনোনয়ন-পত্ৰ।প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ পৰীক্ষা কৰা হ'ব ২মাৰ্চৰ আবেলি ৩ বজাত।সেই দিনাই প্ৰাৰ্থীৰ আংশিক তালিকা প্ৰকাশ কৰা হ'ব সন্ধিয়া ৬বজাত।আনহাতে,কোনো প্ৰাৰ্থীয়ে যদি মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ বিচাৰে,তাৰ বাবে ৩ মার্চৰ আবেলি তিনি বজাৰ ভিতৰত উঠাই ল'ব লাগিব।ইফালে,৪ মার্চত দিনৰ ১২ বজাত প্ৰকাশ কৰা হ'ব প্ৰাৰ্থীৰ চূড়ান্ত তালিকা।এই কথা জানিবলৈ দিয়ে নিৰ্বাচন কমিটীৰ আহ্বায়ক অজিত পাটোৱাৰীয়ে। মুঠ ৭৯৮গৰাকী ভোটাৰে নিৰ্বাচন কৰিব গুৱাহাটী প্ৰেছ ক্লাবৰ ১০ গৰাকী সদস্য।তাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব ১২ মার্চৰ পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজাৰ ভিতৰত।সেইদিনাই আবেলি ৫ বজাত অনুষ্ঠিত হ'ব ভোট গণনা আৰু ৰাতিলৈ ঘোষণা কৰা হ'ব ফলাফল।এই কথাও জানিবলৈ দিয়ে কমিটীয়ে। সুদীৰ্ঘ ১৮বছৰৰ পিছত অনুষ্ঠিত হ'ব লগা নিৰ্বাচনক লৈ গুৱাহাটী প্ৰেছ ক্লাবৰ ভোটাৰসকলৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ।তাৰ মাজতে বহু ভোটাৰৰ নাম অন্তৰ্ভুক্তিয বাবে আবেদনৰ সুবিধা নোপোৱাৰো অভিযোগ উঠে।সেই সন্দৰ্ভত মুখ্য আহ্বায়ক প্ৰশান্ত হাজৰিকাই কয়-"বঞ্চিত ভোটাৰসকলক আবেদনৰ বাবে অতিৰিক্ত দুটা দিন ২৯ ফেব্ৰুৱাৰীলৈকে দিয়া হৈছে সুবিধা।বঞ্চিত ভোটাৰসকলৰ অভিযোগ গ্ৰহণ কৰিবলৈ গঠন কৰা হ'ব অভিযোগ কোষ।তাতে তেওঁলোকৰ অভিযোগসমূহ দিব পাৰিব।" সংবাদ মেলত নিৰ্বাচনী অধিসূচনাৰ কথা ঘোষণা কৰি ৰিটাৰ্ণিং বিষয়া বিজন চন্দ্ৰ মহাজনৰ ওচৰত অপৰ্ণ কৰে নিৰ্বাচনৰ সমগ্ৰ দায়িত্ব।সেই দায়িত্ব গ্ৰহণ কৰি বিজন চন্দ্ৰ মহাজনে কয়-"সুদীৰ্ঘ ১৮বছৰৰ পিছত পুনৰ গণতন্ত্ৰ প্ৰতিষ্ঠা হ'বলৈ যোৱাটো ভাল কথা।নিৰ্বাচন সম্পূৰ্ণ নিকা-স্বচ্ছ হ'ব,তাত কোনো প্ৰশ্নবোধক চিন থাকিব নোৱাৰে।"
- Log in to post comments
- 13 views