ঐতিহাসিক শিৱদ'লত শ্ৰীশ্ৰী মহা শিৱৰাত্ৰি আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ সামৰণি

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

শিৱসাগৰৰ ঐতিহাসিক শিৱদ'ল প্ৰাঙ্গণত যোৱা ২০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ দেওবাৰে বিয়লি সমাৰণি পৰে। মহা শিৱৰাত্ৰি পূজা আৰু মেলাক কেন্দ্ৰ কৰি অন্তিম দিনাও মেলাথলীত বিৰ দি বাট পাবলৈ নোপোৱা অৱস্থাৰ সৃষ্টি হয়।তদুপৰি,আন দুদিনৰ দৰে দেওবাৰেও দ’ল চৌহদত শিৱ ভক্তসকলে হাতে হাতে গাখীৰ, বেলপাত, ফুল, নৈবেদ্য লৈ মহাদেৱক সন্তুষ্ট কৰাৰ বাবে দীঘলীয়া শাৰী পতা পৰিলক্ষিত হয়।ইফালে,অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ব্যৱসায়ীসকলৰ বিপনীসমূহত গ্ৰাহকৰ ব্যাপক ভিৰ হোৱা দেখা যায়।

Pic

চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা শিৱৰাত্ৰি আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱৰ সামৰণি অনুষ্ঠানত শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহা, উদযাপন সমিতিৰ উপ-সভাপতি গংগাপ্ৰসাদ বৰগোহাঁই, সাধাৰণ সম্পাদক চন্দন ফুকন, অতিৰিক্ত আৰক্ষী অধীক্ষকদ্বয় জয়ন্ত সাৰথি বৰা,ধ্ৰুুুৱজ্যোতি বৰা, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কাৰ্তিক চন্দ্ৰ দত্ত,অশ্বিনী চেতিয়াকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। 

শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাই চাৰিদিনীয়া কৈ অনুষ্ঠিত শ্ৰীশ্ৰী মহা শিৱৰাত্ৰি পূজা আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় ঐতিহাসিক শিৱসাগৰৰ শিৱদ’লত শিৱৰাত্ৰি মহোৎসৱে দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত যথেষ্ট সমাদৰ লাভ কৰিছে।  বৰ্তমান  ছ'চিয়েল মিডিয়াই ভিন্ন প্ৰান্তত প্ৰচাৰ চলাই এই মেলালৈ মানুহক অধিকভাৱে    আকৰ্ষিত কৰিছে।অনাগত দিনত শিৱৰাত্ৰি মেলাক আৰু অধিক         আকৰ্ষণীয় কৰি তেওঁ দ'ল উন্নয়ন  সমিতিক আহ্বান জনায়।এই উৎসৱৰ সফল সমাপ্তিৰ বাবে উদযাপন সমিতি, দ'ল উন্নয়ণ পৰিষদ,স্বেচ্ছাসেৱক, নিৰাপত্তাৰক্ষীয়ে ধৰি সাধাৰণ ৰাইজক তেওঁ ধন্যবাদ জ্ঞাপন কৰে। আনহাতে,ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত শ্ৰীশ্ৰী মহা শিৱৰাত্ৰ্ৰি্ আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱৰ শেষ নিশাৰ সাংস্কৃতিক আনুষ্ঠান হিচাপে কমলা গগৈয়ে টোকাৰী গীত পৰিবেশন কৰাৰ লগতে 'হৰি হৰৰ যুদ্ধ আৰু বানৰ পৰাজয়' ভাওনা প্ৰদৰ্শন কৰা হয়।

Your Comments