প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে শুকুৰবাৰে 'নেতা' নামৰ এক এপ্ মুকলি কৰে ৷ এই 'নেতা' এপ্ হ'ল এক প্ৰযুক্তি প্লেটফৰ্ম, যাৰ জৰিয়তে ভোটাৰসকলে তেওঁলোকৰ ৰাজনৈতিক প্ৰতিনিধিসকলক মূল্যায়ন কৰিব পাৰিব ৷
এই এপ্ নিৰ্মাতাসকলে প্ৰকাশ কৰামতে, এপটোৰ জৰিয়তে ভোটাৰসকলে তেওঁলোকৰ নেতাসকলে কেনেধৰণৰ ৰাজনৈতিক বিচক্ষণতা আৰু ভোটাৰসকলৰ বাবে কিমান পৰ্যায়ত ৰাজনৈতিক তথা অন্যান্য সা-সুবিধা প্ৰদান কৰিব পাৰিছে তাক মূল্যায়ন কৰাৰ সুবিধা পাব ৷
এই এপটো মুকলি অনুষ্ঠানত উপস্থিত থাকে দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱাল, প্ৰাক্তন নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰেশী আৰু নাছিম জৈদি, প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী অশ্বিনী কুমাৰ, জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুৰলী মনোহৰ যোশী, প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী শিৱৰাজ পাটিল আৰু সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী বিজয় ছাম্পলা ৷
এপটো মুকলি কৰি দিয়া ভাষণত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, 'মই 'নেতা'ৰ আঁৰত থকা দলটোক শুভেচ্ছা জনাইছোঁ, যে এই এপটোৱে ভোটাৰসকলক শিক্ষিত কৰি তোলাত অতি ভাল প্ৰদৰ্শন কৰিব ৷
পৰিৱৰ্তনশীল ৰেটিঙৰ জৰিয়তে ৰাজনৈতিক প্ৰতিনিধিসকলৰ যোগ্যতা নিৰূপিত হ'ব আৰু ইয়াৰ জৰিয়তে ৰাজনৈতিক দলসমূহে যোগ্য প্ৰাৰ্থী নিৰ্বাচন কৰাত সহায় হ'ব ৷'
উল্লেখ্য যে এপটো এই বছৰতে তৈয়াৰ কৰিছে প্ৰথম মিট্টালে ৷
নেতা এপৰ জৰিয়তে নাগৰিকসকলে তেওঁলোকৰ পচন্দৰ নেতাক ভোট কৰাৰ সুবিধা পাব আৰু নেতাসকলৰ পাৰদৰ্শিতা অনুযায়ী ভোটাৰসকলে এপটোত তেওঁলোকৰ ভোট সলনি কৰিব পাৰিব ৷
- Log in to post comments
- 43 views