ঐতিহাসিক শিৱসাগৰৰ শিৱদ'লত অহা ২০-২৩ ফেব্ৰুৱাৰীত শ্ৰীশ্ৰী মহা শিৱৰাত্ৰি আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে বৃহৎ আৰু সৰ্বোচ্চ ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত শিৱদ'লত অহা ২০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া শিৱৰাত্ৰী আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ প্ৰস্তুতি-পৰ্ব সম্পূণ হৈ উঠিছে।এই শিৱ মন্দিৰটো মেৰে ১৩০ হাত, পটিয়েদি ১৮ হাত, বাজু ১৬ হাত, বেৰ ডাঠে ১২ হাত, ভিতৰৰ ছোৱা বহলে ১৬ হাত, ওখকে খুৰাপাটৰ পৰা ওপৰ মুধচলৈ ১২ হাত, তাৰপৰা চুলাৰ ওপৰলৈ ৫৭ হাত। মুঠ ৮৩ হাত। ইয়াৰে খাৰু, কলচী আৰু ত্ৰিশূলক ধৰি ১২০ হাত।সোণৰ কলচী পাঁচ হাত ওখ । উল্লেখ যে ১৯৪৭ চনৰ ভূঁইকপত দ'লটোৰ কলচী থেকেচা খায় মাটিত পৰিছিল।১৯৫০ চনৰ বৰভূঁইকম্পত দ'লটোৰ এছোৱা খহি গৈ ইয়াৰ সাঁফি লৰি পৰিছিল।অৱশ্যে ভাৰত চৰকাৰৰ পূৰাতত্ব বিভাগৰ যত্নত কলচীটো পুনৰ সংস্থাপন কৰা হয়।দেৱাদী দেৱদিদেৱ মহাদেৱ আৰু সতী পার্বতীক স্মৰণ কৰি লক্ষাধিক ভক্তই প্রতি বছৰে শিৱৰাত্ৰিত আশীষ বিচাৰি ভিৰ কৰেহি ঐতিহাসিক শিৱ দ'লত। শুভ উদ্ধোধন কৰিব অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে।শিৱ মহোৎসৱৰ লগত সংগতি ৰাখি ড০ সীমান্ত বৰুৱাৰ সম্পাদনাত প্ৰকাশ পাবলগীয়া স্মৃতিগ্ৰন্থ ‘ব্ৰজসন্ত’ উন্মোচন কৰিব 'অসমীয়া প্ৰতিদিন' কাকতৰ পৰিচালন সঞ্চালক জয়ন্ত বৰুৱাই।অনুষ্ঠানত জগদীশ মুখীৰ পত্নী প্ৰেম মুখীৰ লগতে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।শিৱৰাত্ৰি আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সাংস্কৃতিক দলে জাতীয় জনগোষ্ঠীয় অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে নেপাল, নগালেণ্ড, মণিপুৰৰ লগতে আন ভালেকেইখন ঠাইৰ আমন্ত্ৰিত সাংস্কৃতিক দলে অনুষ্ঠান পৰিৱেশন কৰিব বুলি উদ্যোক্তসকলে জানিবলৈ দিয়ে।ইয়াৰোপৰি প্ৰতিদিনে শিৱ বন্দনাৰে অনুষ্ঠান অনুষ্ঠিত হ'ব। আনহাতে শেষৰ দিনা অৰ্থাৎ ২৩ ফেব্ৰুৱাৰীত “হৰি হৰৰ যুদ্ধ আৰু বানৰ পৰাজয়” ভাওনা প্ৰদৰ্শন কৰা হব। এইবাৰ আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৰৱ সাংস্কৃতিক কাৰ্যসূচী দ'লমুখ চাৰিআলিস্থিত ভাৰতৰত্ন সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত অনুষ্ঠিত কৰা হ'ব। উৎসৱৰ লগত সংগতি ৰাখি সমিতিয়ে ৫০০ ৰো অধিক অস্থায়ী বিপনীৰ ব্যৱস্থা কৰিছে। বিহাৰ, পশ্চিমবংগ, কলকাতা, উৰিষ্যাৰ লগেত আন ভালেকইজন ৰাজ্যৰ ব্যৱসায়ীয়ে এই মেলাত অংশগ্ৰহণ কৰিবৰ বাবে চহৰখনত ভিৰ কৰিছেহি। শ্ৰীশ্ৰী শিৱৰাত্ৰি আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ চাৰিওটা দিনৰ কাৰ্যসূচীত সমগ্ৰ অসমবাসীক অংশগ্ৰহণ কৰিবলৈ উদ্যোক্তসকলে আহ্বান জনাইছে ।

Your Comments