কেৰালাৰ বান : বিদেশী ৰাষ্ট্ৰৰ সাহায্যত কিয় বাধা মোডী চৰকাৰৰ ?

flood_kerala

বানবিধ্বস্ত কেৰালাক লৈ কেন্দ্ৰীয় চৰকাৰে অতি নিম্নস্তৰৰ ৰাজনীতি কৰিবলৈ লৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । কেৰালাবাসীৰ সংকটৰ সময়ত ৰাজ্য চৰকাৰসমূহে সহায়ৰ হাত আগবঢ়োৱাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানেও সাহায্য আগবঢ়াইছে । 
কেৰালাৰ ভয়ংকৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি বহু বিদেশী ৰাষ্ট্ৰ‌ই সহায় কৰিব বিচাৰিছে । লক্ষণীয়ভাৱে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে বিদেশৰ পৰা সাহায্য গ্ৰহণ কৰাত বাধা দিয়া পৰিলক্ষিত হৈছে ।flood in kerala 
এই প্ৰসংগত এক বিৰ্তক আৰম্ভ হৈছে । কি কাৰণত কেন্দ্ৰীয় চৰকাৰৰ এনে বাধা ? মোডী চৰকাৰ এনে কাৰ্যৰ বাবে অপমানিত হ'ব বুলি ভাবিছে নে কেৰালাত বিৰোধীৰ চৰকাৰ আছে বাবেই এনে সিদ্ধান্ত ? সন্মুখত লোকসভা নিৰ্বাচনৰ বাবে বিৰোধীক কেৰালাবাসীৰ স্বাৰ্থত কাম কৰিব দিব বিচৰা নাই বুলিও চৰ্চা হৈছে ।
প্ৰশ্ন বিলাক উৎথাপন হোৱাৰ যুক্তি নথকা নহয় । এন ডি এৰ প্ৰথমটো কাৰ্যকালত গুজৰাটৰ ভূজত বিধ্বংসী ভূমিকম্প হৈছিল । ভূজ এক মৃত্যু উপত্যকাৰ দৰে হৈ পৰিছিল । তেতিয়া ৬০ খন বিদেশী ৰাষ্ট্ৰৰ পৰা এন ডি এ চৰকাৰে সাহায্য গ্ৰহণ কৰিছিল । 
চৰকাৰৰ নীতিত আজি এই পৰিৱৰ্তন কিয় ? বাজপেয়ী চৰকাৰ আৰু মোডী চৰকাৰৰ সিদ্ধান্ত এই ক্ষেত্ৰত বেলেগ হ'ব নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে ।

Your Comments