শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:
শিৱসাগৰ জিলাৰ উপায়ুক্ত ডা: এম. এচ. লক্ষ্মীপ্ৰিয়াই যোৱা ১৬ ফেব্ৰুৱাৰীত স্থানীয় আৱৰ্ত ভৱনত জিলাখনৰ ভালেকেইখন অংগনৱাড়ী কেন্দ্ৰ আৰু প্ৰাথমিক বিদ্যালয়ৰ অভাৱগ্ৰস্ত শিশুসকলৰ সহায় হোৱাকৈ 'মিছন ছৌলফুল শিৱসাগৰ'ৰ অন্তৰ্গত 'মৰম' পদক্ষেপৰ জৰিয়তে মেট আৰু ছুৱেটাৰ বিতৰণ কৰে।
উপায়ুক্তগৰাকীয়ে সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ অন্তৰ্গত জিলাখনৰ গ্ৰামাঞ্চলৰ ৮০ খন, নগৰ অঞ্চলৰ ৩০ খন, আমগুৰিৰ ৮০ খন, নাজিৰাৰ ১৮০ খন, ডিমৌৰ ১৬০ খন আৰু গৌৰীসাগৰৰ ৮০ খন অংগনৱাড়ী কেন্দ্ৰত শিশুসকলৰ বহাৰ সুবিধাৰ বাবে মুঠ ৬১০ খন মেট উপস্থিত চুপাৰভাইজাৰসকলৰ হাতত প্ৰদান কৰে।
তদুপৰি,জিলাখনৰ চাৰিখন শিক্ষা খণ্ডৰ অধীনৰ প্ৰাথমিক বিদ্যালয়সমূহৰ অভাৱগ্রস্ত কণ-কণ ছাত্ৰ-ছাত্ৰীৰ বাবে উপস্থিত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াসকলৰ হাতত মুঠ ১৭২৭ টা ছুৱেটাৰ প্ৰদান কৰে।ইয়াৰে আমগুৰিৰ অধীনত ৪৯৭ গৰাকী, খেলুৱাৰ অধীনত ৪২০ গৰাকী,নাজিৰাৰ অধীনত ৩০০ গৰাকী আৰু ডিমৌৰ অধীনত ৫১০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এইসমূহ ছুৱেটাৰ লাভ কৰিব।
জিলা উপায়ুক্তগৰাকীৰ প্ৰচেষ্টা আৰু উদ্যোগত গ্ৰহণ কৰা 'ছৌলফুল শিৱসাগৰ' অভিযানৰ অন্যতম প্ৰয়াস 'মৰম'ৰ অধীনত সংগ্রহ কৰা বিভিন্ন সামগ্ৰী সময়ে সময়ে জিলাখনৰ বিদ্যালয়সমূহৰ অভাৱগ্রস্ত ছাত্র-ছাত্ৰী আৰু অংগনৱাড়ী কেন্দ্ৰসমূহৰ শিশুসকলৰ মাজত বিতৰণ কৰি আহিছে।
উল্লেখযোগ্য যে জিলা উপায়ুক্তই বিভিন্ন সময়ত দুখীয়া তথা অভাৱী ছাত্ৰ-ছাত্ৰীসকলৰ নূন্যতম প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আৰম্ভ কৰা এই আন্তৰিক প্ৰয়াস 'মৰম'ৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বহী, পেঞ্চিল, বিস্কুট, মোজা,ছুুৱেটাৰ,মেট আদি বিতৰণ কৰি আহিছে। উপায়ুক্তগৰাকীৰ এই প্ৰচেষ্টাৰ দ্বাৰা অভৱগ্ৰস্ত শিশুসকল উপকৃত হৈছে।উপায়ুক্তগৰাকীৰ এনেধৰণৰ জনকল্যাণকামী প্ৰয়াসে ৰাইজৰ বিপুল সঁহাৰি আৰু শলাগ লাভ কৰিবলৈ সক্ষম হৈছে।
- Log in to post comments
- 15 views