বৰভাগ আৰু বাহাৰঘাটত সপ্ত শ্বহীদক সশ্ৰদ্ধ স্মৰণ

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

শ্বহীদ ভৱন (বৰভাগ)ৰ পৰিচালনা সমিতিৰ উদ্যোগত শ্বহীদ ভৱনত দিনযোৰা কাৰ্যসূচীৰে দেওবাৰে শ্বহীদ দিৱস পালন কৰা হয়। অসম আন্দোলনৰ বৃহত্তৰ অঞ্চলটোৰ সাতগৰাকী বীৰ শ্বহীদৰ লগতে বৰ্তমানৰ জাতীয় সংগ্ৰামৰ সমূহ বীৰ শ্বহীদলৈ দেওবাৰে শ্ৰদ্ধা নিবেদন কৰা হয়। দিৱস উপলক্ষে পুৱা শ্বহীদ ভৱনৰ পতাকা আৰু সদৌ অসম ছাত্র সন্থাৰ পতাকা উত্তোলনৰ পিছতে শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি        প্ৰদানৰ  আৰম্ভণি কৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই। অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক নিৰোদ দাস।গছপুলি ৰোপণ কৰে বৰভাগ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি কুলেশ ডেকাই। ইয়াৰ পিছতে অনুষ্ঠিত হয় সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু চিত্ৰাংকন প্ৰতিযোগিতা।প্ৰাক্তন ছাত্ৰ নেতা ভূপেন তালুকদাৰৰ সঞ্চালনাত অনুষ্ঠিত শ্বহীদ স্মৃতিচাৰণ আৰু ন-পুৰণি সতীৰ্থ সন্মিলনত কেইবাগৰাকী প্ৰাক্তন ছাত্ৰ নেতাই অংশগ্ৰহণ কৰে।স্মৃতিচাৰণ কৰে দিবাকৰ কলিতা, প্ৰদীপ দাস,ৰফিক চৌধুৰী,মহেশ শৰ্মা,ৰবীন দাস, হৃদয় বৰ্মণ, গিয়াচ‌উদ্দিন আহমেদ, বিশ্বনাথ মেধি, উমেশ ডেকা, প্ৰমোদ কাকতি, ফাইজুদ্দিন আহমেদ আদিয়ে। অনুষ্ঠানৰ আঁত ধৰে ৰূপজ্যোতি শৰ্মা আৰু চন্দন কলিতাই। সন্ধিয়া বন্তি প্ৰজ্বলনৰে দিৱসৰ সামৰণি পৰে।তদুপৰি,বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থায়ো স্থানীয় বাহাৰঘাট উচ্চ বুনিয়াদী বিদ্যালয় প্ৰাংগনৰ শ্বহীদ বেদীত সন্ধিয়া কেইবাশতাধিক বন্তি প্ৰজ্বালন কৰি ১৯৮৩ৰ ৯ ফেব্ৰুৱাৰীৰ দিনটোৰ  সপ্ত শ্বহীদলৈ শ্ৰদ্ধা জ্ঞাপন কৰে৷
 

Your Comments