নৰেন শৰ্মা,বাহাৰঘাট:
বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত সানেকুছি(ওজাতোলা)ৰ শ্ৰীশ্ৰী গোপাল গোসাঁইঘৰৰ একত্ৰিংশ বাৰ্ষিক উৎসৱটো শনিবাৰৰে পৰা উলহমালহেৰে অনুষ্ঠিত হৈছে৷তদুপলক্ষে পুৱাৰে পৰা অনুষ্ঠিত হৈ অহা বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ অন্তত সন্ধিয়া উৎসৱ উদযাপন সমিতিৰ সভাপতি মাণিক কলিতাৰ সভাপতিত্বত প্ৰয়াত প্ৰভাত চন্দ্ৰ কলিতা আৰু স্বৰাজ বালা কলিতা বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়৷উল্লেখ্য যে বিগত তিনিটা বছৰৰ দৰেও এইবেলিও সমাজকৰ্মী গৌতম কলিতাৰ পৃষ্ঠপোষকতাত গাওঁখনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক উক্ত বঁটা প্ৰদান কৰে৷উক্ত অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকি আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড° নীভা ৰাণী দেৱীয়ে কয় যে ধৰ্ম,শিক্ষা আৰু সংস্কাৰ,এই তিনিবিধ এৰিব নোৱাৰা উপাদান৷ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি তেওঁ কয় যে কৰ্মই ধৰ্ম৷ছাত্ৰ-ছাত্ৰীৰ প্ৰধান কাম অধ্যয়ন৷তেওঁলোকে একাণপটীয়াকৈ অধ্যয়ন কৰিলে জীৱনত উন্নতি কৰিব পাৰে৷অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকি ধুৰকুছি সিদ্ধি শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বীৰেন্দ্ৰ নাথ শৰ্মাই কয় যে ধৰ্মীয় অনুষ্ঠানত কৃতিত্বশীল ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনোৱাটো উত্তম কাৰ্য্য৷ইয়াৰ দ্বাৰা শিক্ষাৰ উত্তৰনত যথেষ্ট সহায়ক হ'ব৷সভাত আন এজন মুখ্য অতিথি,বাস্কা কলেজৰ প্ৰবক্তা ভূষণ চন্দ্ৰ শৰ্মায়ো ধৰ্মীয় দিশৰে শিক্ষাৰ্থীৰ বৌদ্ধিক উত্তৰণত লোৱা ইতিবাচক পন্থাৰ বিষয়ে বিশদ বক্তব্য আগবঢ়ায়।অনুষ্ঠানত গাওঁখনৰ দুই কৃতিমান শিক্ষাৰ্থী ক্ৰমে প্ৰথম চিন্ময় লহকৰ আৰু দ্বিতীয় হিমাশ্ৰী কলিতাক বঁটা প্ৰদান কৰে৷লোহিত কলিতাই সভাৰ উদ্দেশ্য ব্যখ্যা কৰা অনুষ্ঠানটোৰ আঁঁত ধৰে মুকুল লহকৰে৷তদুপৰি, ৯ ফেব্ৰুৱাৰীৰ পুৱা ভাগৱত লৈ শোভাযাত্ৰা,ভাগৱত পাঠ,বিষ্ণুহোম,দুপৰীয়া গুৰুগোঁঁসাই বৰণ,প্ৰীতি ভোজন,আবেলি ধৰ্মীয় শোভাযাত্ৰাৰ গামোচা আৰু মালাৰ প্ৰকাশ্য নিলাম,সন্ধিয়া বন্তি আৰু আতচবাজী প্ৰজ্বলনৰ পিচতে আমন্ত্ৰিত নাগাৰা নাম প্ৰদৰ্শন কৰিব।
- Log in to post comments
- 29 views