আমিনগাঁৱত 'কা’ বাতিলৰ দাবীত কামৰূপ জিলা ছাত্ৰ সন্থাৰ জোঁৰ সমদল

Pic

মৃণাল ডেকা,শুৱালকুছি:

সদৌ অসম ছাত্ৰ সন্থা,৩০টা জাতীয় সংগঠন আৰু শিল্পী সমাজৰ নেতৃত্বত তীব্ৰতৰ হৈছে 'কা’ বাতিল কৰা আন্দোলন।শনিবাৰে অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিতো সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই 'কা’ বাতিলৰ দাবীত কামৰূপ জিলাৰ সদৰ আমিনগাঁৱত এটা বৃহৎ জোঁৰ লৈ প্ৰতিবাদী সমদল উলিয়ায়।প্ৰতিবাদকাৰীসকলে হাতে হাতে জোঁৰ লৈ 'কা’ আমি নামানো,কেন্দ্ৰীয় চৰকাৰ হুছিয়াৰ,নৰেন্দ্ৰ মোডী মুৰ্দাবাদ , সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ,হিমন্ত বিশ্ব মুৰ্দাবাদ,অমিত শ্বাহ হুছিয়াৰ,'কা' বাতিল হ'বই লাগিব আদি শ্লোগান দি আকাশ - বতাহ কঁপাই তোলে।জোঁৰ লৈ প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতাই কয় যে 'কা’ অসমৰ মানুহে সৰ্বাত্মকভাৱে বৰ্জন কৰিছে,'কা’ অসমৰ মানুহে কেতিয়াও গ্ৰহণ নকৰে বুলি কয়।লগতে, শান্তি সমদলে মানুহৰ মনত শান্তি আনিব নোৱাৰে,'কা’ বাতিল নহ'লে শান্তি সমদলে অশান্তি বিয়পাব বুলি মন্তব্য কৰি প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকো কঠোৰ সমালোচনা কৰে।আজিৰ এই প্ৰতিবাদী জোঁৰ সমদলত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক প্ৰকাশ দাসে কয় যে অসমৰ মুখ্যমন্ত্ৰী বাংলাদেশী হোৱাটো অসমৰ ৰাইজে নিবিচাৰে।চৰকাৰে গণতান্ত্ৰিক আন্দোলনক গুৰুত্ব নিদি 'কা’ সমগ্ৰ দেশতে বলবৎ কৰা কাৰ্যৰ তেওঁ তীব্ৰ গৰিহণা দিয়াৰ লগতে জালুকবাৰী সমষ্টিৰ সকলো ৰাইজক জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবীত মাৰবান্ধি থিয় হবলৈ আহ্বান জনায়।জোঁৰ সমদলত উপস্থিত থাকে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা নিৰোদ কুমাৰ দাস,ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ভৱজ্যেতি ডেকা আৰু পাঁচশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

Your Comments