'কা আমাক নেলাগে'বুলি কৈ ৰাইজৰ ৰোষত পৰিল জনপ্ৰিয় কন্ঠশিল্পী বাবু বৰুৱা

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

অসমৰ জনপ্ৰিয় কন্ঠশিল্পী বাবু বৰুৱাই বৃহস্পতিবাৰে নিশা ঘগ্ৰাপাৰৰ ওচৰৰ আকনা বামুণগাঁওৰ শ্ৰীশ্ৰী গোপালধাম সনাতন আশ্ৰমত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰি থকাৰ সময়তে "কা আমাক নেলাগে'" বুলি ধ্বনি দি ৰাইজৰ ৰোষত পৰা ঘটনাত অনুষ্ঠানটোত উত্তেজনা হোৱা পৰিলক্ষিত হয়।এটা সময়ত ৰাইজ ইমানেই উত্তেজিত হৈ পৰে যে শিল্পীগৰাকীয়ে ধৰ্মীয় অনুষ্ঠানত কিয় ৰাজনৈতিক শ্লোগান দিব,তাৰ প্ৰশ্ন উত্থাপন কৰে। আনকি শিল্পীগৰাকীক 'জয় শ্ৰীৰাম' ধ্বনি দিবলৈ বাধ্য কৰায়। উল্লেখ্য যে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আকনা বামুণগাঁওৰ শ্ৰীশ্ৰী গোপালধাম সনাতন আশ্ৰমত তিনিদিনীয়াকৈ অনুষ্ঠিত ভগৱান গোপাল মহোৎসৱত উক্ত নিশা ৯ বজাত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত গীত গাবলৈ আমন্ত্ৰণ কৰিছিল জনপ্ৰিয় কন্ঠশিল্পী বাবু বৰুৱাক।যথা সময়ত শিল্পী গৰাকীয়ে মঞ্চত উপবিষ্ট হৈ এটাৰ পিছত আনটো গীত পৰিৱেশন কৰি থকা সময়তে "কা আমাক নেলাগে" বুলি মাইকত কোৱাৰ লগে লগে জাঙুৰ খাই উঠিল এচাম দৰ্শক। মঞ্চত এজন দৰ্শক উঠি শিল্পী গৰাকীৰ পৰা মাইকটো আনি প্ৰশ্ন কৰে-'আপুনি এই ধৰ্মীয় অনুষ্ঠানত কি কাৰণত ৰাজনীতিৰ শ্লোগান দিলে?'লগে লগে পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে। উপস্থিত শ্ৰোতা দৰ্শকে 'কা' সম্পৰ্কে কোনো ধৰণৰ মন্তব্য নকৰিবলৈ শিল্পীগৰাকীক দাবী জনায়। পৰিস্থিতিৰ উত্তেজনা দেখি শিল্পীগৰাকীয়ে ক্ষমা খুজিবলৈ বাধ্য হয়।কিন্তু,সাংস্কৃতিক অনুষ্ঠানটোৰ ভিতৰি-ভিতৰি তীব্ৰ উত্তেজনা বিৰাজ কৰে। তথাপিও মহোৎসৱ পৰিচালনা সমিতিৰ তৎপৰতাত শিল্পীগৰাকীয়ে গীত পৰিৱেশন কৰে।অৱশেষত ঘগ্ৰাপাৰ আৰক্ষী আৰু চিআৰপিএফৰ সহযোগত শিল্পীগৰাকীয়ে সাংস্কৃতিক অনুষ্ঠান ত্যাগ কৰে। ইপিনে,ধৰ্মীয় অনুষ্ঠানত শিল্পীগৰাকীয়ে কি কাৰণত ৰাজনৈতিক শ্লোগান দি ৰাইজৰ ৰোষত পৰিব লগা হ'ল,তাক লৈ ৰাইজৰ মাজত চৰ্চা চলিছে।উল্লেখ্য যে সাংস্কৃতিক অনুষ্ঠানটো উদ্বোধন কৰে সদৌ অসম কলিতা জনগোষ্ঠীৰ কোষাধ্যক্ষ প্ৰতুল কলিতাই।যোৱা ৪, ৫ আৰু ৬ ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত ভগৱান গোপাল মহোৎসৱৰ সভাৰ প্ৰথম দিনা ৰপুৱা দ্বাৰ মুকলি কৰে মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি ৰমেশ চন্দ্ৰ মেধিয়ে। ধৰ্মীয় পতাকা উত্তোলন কৰে বৈষ্ণৱ প্ৰহ্লাদ ৰাজবংশীয়ে। আনহাতে,বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ ২৩ গৰাকী বিশিষ্ট নাগৰিকে ২৩ খন পতাকা উত্তোলন কৰে। ভাগৱত ভ্ৰমণ উদ্বোধন কৰে সদৌ অসম কলিতা জনগোষ্ঠীৰ সাধাৰণ সম্পাদক ডাঃ ৰমেন কুমাৰ কাকতিয়ে। নিশা মহিলাৰ নাগাৰা নাম পৰিবেশন কৰে ছিপাঝাৰৰ মৰমী শইকীয়া আৰু গোৰেশ্বৰ ৰামপুৰৰ উৰ্বশী ৰাজবংশীয়ে। ৫ ফেব্ৰুৱাৰীত ৰাতিপুৱা আয়তীৰ দিহানাম প্ৰতিযোগিতা আৰু সন্ধিয়া 'নাচ নাচ' প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৬ ফেব্ৰুৱাৰীত ভেশচন প্ৰতিযোগিতা, বৃক্ষৰোপণ, খেল-ধেমালি আৰু আয়তীৰ নাম। আবেলি বৰাজোল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক যোগেশ পাঠকে সভাপতিত্ব কৰা ধৰ্মালোচনী সভাত পৰশুৰাম দাস, শিক্ষক লোহিত দাস, শিক্ষাবিদ হৰেণ দাস আৰু সত্ৰাধিকাৰ,শান্তিৰ প্ৰৱক্তা আচাৰ্য মথুৰা মোহন তালুকদাৰে ভাষণ দিয়ে।

Your Comments