শুৱালকুছিৰ পৰা মৃণাল ডেকা:
'গ্ৰন্থ প্ৰণয়নৰ বাবে প্ৰয়োজন নিৰন্তৰ অধ্যয়নৰ।গ্ৰন্থ লেখকসকল সমাজত সদায় জীয়াই থাকে।অন্য বৃত্তিধাৰীসকলে জীৱিত কালত নাম-ধাম আৰ্জিলেও মৃত্যুৰ পিছত পাহৰণিৰ গৰ্ভত লীন হ'ব পাৰে।কিন্তু লেখক-সাহিত্যিকৰ নাম-যশ সমাজ থাকে মানে ৰৈ থাকে।'এই মন্তব্য বিশিষ্ট সাহিত্যিক ,সুবক্তা,অসম চৰকাৰৰ প্ৰাক্তন আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰৰ।দেওবাৰে শংকৰদেৱ /বিদ্যা নিকেতন, বংশৰৰ প্ৰেক্ষাগৃহত 'চিন্তন',বংশৰৰ উদ্যোগত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শুৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰামেশ্বৰ কাকতিয়ে ইংৰাজী ভাষাত প্ৰণয়ন কৰা 'শুৱালকুছি:দ্য মানচেষ্টাৰ অব নৰ্থ ইষ্ট ’ (Sualkuchi :The Manchester of North East ) নামৰ গ্ৰন্থখন উন্মোচন কৰে৷
গ্ৰন্থখন উন্মোচন কৰি মালাকাৰে 'চিন্তন'ৰ এই মহৎ উদ্দেশ্যৰ শলাগ লৈ গ্ৰামাঞ্চলত অধ্যয়নৰ পৰিৱেশ সৃষ্টিৰ বাবে গ্ৰাম্য পুথিভঁৰাল স্থাপনৰ পোষকতা কৰে। উদ্যমী যুৱ লেখক ৰামেশ্বৰ কাকতিৰ গ্ৰন্থখনত ঐতিহ্যমণ্ডিত শুৱালকুছিৰ সকলো তথ্য বিষদভাৱে সন্নিৱিষ্ট হোৱাত গ্ৰন্থখন দেশী-বিদেশী পৰ্যটকৰ হাতপুথি হোৱাৰ উপৰিও নৱ-প্ৰজন্মৰ বাবে গৱেষণাৰ উৎকৃষ্ট সমল হ’ব বুলি ধাৰণা কৰা হৈছে ৷ শিক্ষাবিদ কনক দাসৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে শংকৰদেৱ শিশু নিকেতনৰ সভাপতি দিগাম্বৰ নাথ।সভাখনৰ আঁত ধৰে চিন্তনৰ সক্ৰিয় সদস্য লক্ষ্মীপ্ৰসাদ দাস আৰু প্ৰণৱ দাসে।
- Log in to post comments
- 24 views