বড়িতোলা কীৰ্তনঘৰৰ আধাৰশিলা স্থাপন

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত দেহাৰকুছি আৰু সানেকুছি গাৱঁৰ সংগমস্থলী বড়িতোলা কীৰ্তনঘৰৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা      বৃহস্পতিবাৰে দিনৰ ভাগত সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে স্থাপন কৰা হয়৷আধাৰশিলা স্থাপন কৰে কীৰ্তনঘৰৰ দেউৰী তথা বয়োজ্যেষ্ঠ ব্যক্তি কামিনী লহকৰে৷নলবাৰী আৰু বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ মধ্যস্থৰ উক্ত কীৰ্তনঘৰ পুনৰ নিৰ্মাণৰ বাবে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই অনুমোদন দিয়া সমষ্টি উন্নয়ন পুঁঁজিৰ ধনৰ লগতে বড়িতোলা চুবুৰী আৰু সহৃদয় ধৰ্মপ্ৰাণ ৰাইজৰ অৰ্থ সাহায্যত উক্ত কীৰ্তনঘৰৰ পুনৰ নিৰ্মাণৰ কাৰ্য্য আৰম্ভ কৰা বুলি উদ্যোক্তা ৰাইজে জানিবলৈ দিছে৷নাম-প্ৰসংগৰে অনুষ্ঠিত কৰা আধাৰশিলা স্থাপন অনুষ্ঠানত সমাজসেৱী কনক শৰ্মা,দিগন্ত চৌধুৰী,বিৰাজ চৌধুৰী,বিমান চৌধুৰী,নৃপেন লহকৰ(সৰু)নৃপেন লহকৰ(ডাঙৰ)দীনেশ লহকৰ,অমল লহকৰ,দেহাৰকুছি গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য ফনীনাথ লহকৰেকে কৰি বহু ধৰ্মপ্ৰাণ লোক উপস্থিত থাকে৷

Your Comments