নাহৰকটীয়াত মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ অনিয়মৰ বিৰুদ্ধে ৰাজহচক্ৰ বিষয়াক মহিলাৰ স্মাৰকপত্ৰ

Namrup

সমীৰণ বৰুৱাৰ প্ৰতিবেদন:

ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চই ডিব্ৰুগড় জিলাৰ বিভিন্ন দল সংগঠনৰ সহযোগত একাংশ মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ আনি ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ হাতত যোৱা ২০ নৱেম্বৰতে এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল ৷ কিন্ত উক্ত স্মাৰকপত্ৰ প্ৰদানৰ তিনি মাহ অতিক্ৰম কৰাৰ পাছতো জিলা প্ৰশাসনে কোনো ব্যৱস্থা নোলোৱাৰ পৰিপ্ৰেক্ষিতত যোৱা দুই ফেব্ৰুৱাৰীত নাহৰকটীয়া নগাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয় আৰু উক্ত সভাতে গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি বুধবাৰে নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়াৰ হাতত আন এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ  যিকোনো ধৰণৰ ৰিকভাৰী এজেণ্টক গাঁও অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰা, মাইক্ৰ’ফাইনেঞ্চ কোম্পানী প্ৰতিষ্ঠান সমূহ একেবাৰে বন্ধ কৰা,মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ  পৰা ঋণ লোৱা মহিলাসকলক ঋণৰ পৰা ৰেহাই দিয়া, যিসকল মহিলাই ইতিমধ্যে মাইক্ৰ’ফাইনেঞ্চ প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ ঋণৰ পৰা পৰিত্ৰাণ নাপাই মৃত্যুৰ মূখত পৰিছে সেই সকলক এককালীন ভাৱে ২০,০০০০০ (বিশ লাখকৈ) টকাৰ ক্ষতিপূৰণ  দিয়াৰ ব্যৱস্থা কৰা আদি দাবীসমূহ উক্ত স্মাৰকপত্ৰ খনত সন্নিবিষ্ট কৰা বুলি জানিব পৰা গৈছে। ইফালে চৰকাৰে যদি মাইক্ৰ’ফাইনেঞ্চ প্ৰতিষ্ঠান সমূহক নাকী লগাব নোৱাৰে তেনেহলে সকলো ঋণগ্ৰস্থ মহিলাকে ইচ্ছামৃত্যুৰ অনুমতি প্ৰদান কৰিব লাগে বুলিও স্মাৰক পত্ৰখনত এক তাৎপৰ্যপূৰ্ণ  দাবী উত্থাপন কৰে।                                            

Your Comments