সাহিত্য সভাৰ শুৱালকুছি অধিৱেশন:বংশৰৰ সদাব্যস্ত পথৰ জৰাজীৰ্ণ অৱস্থাই জ্বলা-কলা খুৱালে সাহিত্যনুৰাগীক

মৃণাল ডেকা,শুৱালকুছি:

অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশনক কেন্দ্ৰ কৰি বৃহত্তৰ শুৱালকুছি আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চলসমূহৰ বাট-পথ সুন্দৰকৈ সজাই-পৰাই তোলাৰ সময়তে অধিৱেশনলৈ যানবাহন চলাচলৰ বাবে মুকলি কৰি দিয়া বংশৰৰ এটা অতি ব্যস্ত পথক উপেক্ষা কৰিলে সংশ্লিষ্ট বিভাগে। শুৱালকুছি অধিৱেশনলৈ অহা লাখ-লাখ সাহিত্যনুৰাগীৰ যান-বাহনসমূহ বংশৰৰ বেলৰতল-ৰাৱনবৈ-শুৱালকুছি সংযোগী অতি ব্যস্ত পথটোৰে আহিবলৈ নিৰ্দেশ জাৰি কৰাৰ সময়তে এই পথটোৰ জৰাজীৰ্ণ অৱস্থাই জলা-কলা খুৱালে দূৰ-দূৰণিৰ লোক-সকলক।শুৱালকুছিৰ গাতে লাগি থকা বংশৰৰ এই পথটোৰ কি কাৰণত মেৰামতি কৰা নহ'ল,তাক লৈ বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত প্ৰশ্নৰ সৃষ্টি হৈছে।সাহিত্য সভাৰ দৰে এটা জাতীয় অনুষ্ঠানৰ সফলতা কামনাৰ উদ্দেশ্য কোটি-কোটি টকা খৰচ কৰি চৌদিশ উজলাই তোলা হ'ল যদিও এই পথটোৰ দুৰাৱস্থাৰ প্ৰতি সংশ্লিষ্ট বিভাগটোৰ চকু নপৰা বিষয়টোৱে বংশৰৰ ৰাইজক ক্ষুব্ধ কৰি তুলিছে। অঞ্চলবাসীয়ে অতি শীঘ্ৰেই এই পথটো মেৰামতি কৰি যাতায়তৰ উপযোগী কৰি তুলিবলৈ সংশ্লিষ্ট বিভাগক দাবী জনাইছে জালুকবাৰী সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিজ সমষ্টিৰ পথৰ এই ৰূপে আশ্চৰ্যচকিত কৰি তুলিছে ৰাইজক।উল্লেখ্য যে সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতিৰ দায়িত্বতো আছিল মন্ত্ৰীগৰাকী।তেনেস্থলত অঞ্চলটোৰ সকলো বাট-পথ চিকুনাই তোলাৰ পিছতো কি কাৰণে এই পথটোৰ উন্নয়নৰ বাবে বিভাগটোৰ আহৰি নহ'ল,সেয়া এই মূহূৰ্তত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হিচাপে চিহ্নিত হৈছে।

Your Comments