১২ ফেব্ৰুৱাৰীৰ পৰা ১৪ মাৰ্চলৈ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা

Pic

১২ ফ্ৰেব্ৰুৱাৰীৰ পৰা ১৪ মাৰ্চলৈ অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা।সুচাৰুৰূপে পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে পূৰ্বৰ বছৰৰ দৰে এইবাৰ যাতে প্ৰশ্নকাকত ফাদিল নহয়, তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যৰ শিক্ষা সংসদে।সেই অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে মোবাইল। শিক্ষাৰ্থীৰ লগতে    নীৰিক্ষকেও ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল।পৰীক্ষাৰ সময়ত যদি কোনো নীৰিক্ষকে মোবাইল ব্যৱহাৰ কৰে,তেন্তে সেই  নীৰিক্ষকগৰাকীক নিলম্বন কৰিব শিক্ষা সংসদে।

বিগত বৰ্ষৰ পৰীক্ষাসমূহত কিছু বেমেজালি হোৱাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে শিক্ষা সংসদে।ৰাজ্যৰ অতি স্পৰ্শকাতৰ ২১ৰ পৰা ২৫ টা কেন্দ্ৰত সংলগ্ন কৰিব জামাৰ।চিচিটিভি স্থাপন কৰিব নোৱাৰা কেন্দ্ৰসমূহত শিক্ষা সংসদে নিজাববীয়াকৈ লগাব কেমেৰা। কেন্দ্ৰৰ ৫০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত জাৰি কৰিব ১৪৪ ধাৰা।পৰীক্ষাত অসৎ পন্থা অৱলম্বন কৰা পৰীক্ষাৰ্থীৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ শাস্তি।এই কথা জানিবলৈ দিছে ৰাজ্যৰ শিক্ষা সংসদে।

উল্লেখ্য যে এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূূড়ান্ত পৰীক্ষাত ৭৭২ টা কেন্দ্ৰত অৱতীৰ্ণ হ’ব ৰাজ্যৰ ২ লাখ ৩৪  হাজাৰ ৭৮৬ গৰাকী।পৰীক্ষাৰ্থী।আনহাতে,সোমবাৰে গুৱাহাটীৰ বাহিৰে  সকলো পৰীক্ষা কেন্দ্ৰলৈ শিক্ষা সংসদে প্ৰেৰণ কৰিছে প্ৰশ্ন কাকত আৰু উত্তৰ বহী।

Your Comments