অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত যোৱা ১ ফেব্ৰুৱাৰী,শনিবাৰে সভাৰ যুৱ-সংসদ উপ-সমিতিৰ এখন বিশেষ কাব্যানুষ্ঠান অনুষ্ঠিত হয়।বিশিষ্ট কবি মনজিৎ সিঙৰ সঞ্চলনাত অনুষ্ঠিত কাব্যানুষ্ঠানটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৪০ গৰাকীতকৈ অধিক কবিয়ে কবিতা পাঠ কৰে।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সভাৰ যুৱ-সংসদ উপ-সমিতিৰ কাৰ্যকৰী সভাপতি কৰুণাকান্ত বৰ্মন,যুৱ-সংসদ উপ-সমিতিৰ উপ-সভাপতি অনুপ কুমাৰ তালুকদাৰ আৰু কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সম্পাদক ডিম্বেশ্বৰ পাঠক উপস্থিত থাকে।কবি সন্মিলনখনৰ পৰিচালনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে উপ-সমিতিৰ সহকাৰী সম্পাদক মনোজ কুমাৰ দাসে।কবিতা পাঠ কৰা কবিসকলক গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।
- Log in to post comments
- 25 views