বঙাইগাঁৱত জিলা টাস্কফোৰ্চৰ সভা

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও জিলাত অহা ৩ ফেব্ৰুৱাৰীৰ পৰা সাত দিনীয়াকৈ মাহৰ দ্বিতীয় শনিবাৰ আৰু বুধবাৰৰ দিন দুটা বাদ দি ’মিছন ইন্দ্ৰধনুষ’ আচঁনিৰ অধীনত টীকাকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। সেই উপলক্ষে বঙাইগাঁও জিলাৰ ০-২ বছৰ বয়সৰ সকলো শিশু আৰু গৰ্ভৱতী মহিলাক এই টীকাকৰণ কৰা হ'ব । উল্লেখ্য যে ইতিমধ্যে জিলাখনত ৬ জানুৱাৰীৰ পৰা ৭ দিনীয়াকৈ এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল৷ জানুৱাৰী মাহত টীকা নোপোৱা প্ৰতিটো শিশুক এইবাৰৰ কাৰ্যসূচীত সামৰি লোৱা হ’ব৷ চলিত মাহত অনুষ্ঠিত হ’বলগীয়া মিছন ইন্দ্ৰধনুষৰ সফল ৰূপায়ণৰ বাবে আজি বিয়লি ৪ বজাত বঙাইগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত তৃতীয়খন জিলা টাস্কফোৰ্চৰ সভা অনুষ্ঠিত হয়৷ এই সভাত সভাপতিত্ব কৰে স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি আদৰণী ভাষণ আগবঢ়ায় স্বাস্থ্য বিভাগৰ যুটীয়া সেৱা সঞ্চালক ডাঃ ৰত্ন বসুমতাৰীয়ে আৰু আইএমআই টীকাকৰণ সন্দৰ্ভত মতামত ব্যক্ত কৰে জিলা টীকাকৰণ বিষয়াই৷ এই সভাত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে যিবিলাক এলেকাত ইতিমধ্যে অতি কম শিশুৰ টীকাকৰণ কৰা হৈছে সেই এলেকাসমূহ চিনাক্তকৰণ কৰি টীকাকৰণৰ পৰা বাদ পৰি যোৱা শিশুসকলক নিয়মীয়া টীকাকৰণ কৰোৱাৰ বাবে সংশ্লিষ্ট বিভাগক নিৰ্দ্দেশ দিয়ে । জিলাখনৰ ইটাৰ ভাটা আৰু নগৰ শ্লাম এলেকাৰ শিশুসকলক এই টীকাকৰণৰ বাবে অধিক গুৰুত্ব প্ৰদান কৰা হ’ব৷ এই সভাত জিলা সমাজ কল্যাণ বিষয়া, জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক, জিলা আৰু খণ্ডসমূহৰ স্বাস্থ্য বিভাগৰ বিষয়া- কৰ্মচাৰীসকল উপস্থিত থাকে ।

Your Comments