প্ৰাক্তন ডিজিপি পল্লৱ ভট্টাচাৰ্যক অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ নিযুক্তি

Pic

দুৰ্নীতিৰ সদাগৰ ৰাকেশ পালৰ সলনি অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হ'ল পল্লৱ ভট্টাচাৰ্য্যক।অসম আৰক্ষীৰ বিশেষ শাখাৰ প্ৰাক্তন সঞ্চালক প্ৰধান ভট্টাচাৰ্য্যক শুকুৰবাৰে দিয়া হৈছে নতুন অধ্যক্ষ হিচাপে নিযুক্তি।উল্লেখ্য যে দুৰ্নীতিগ্ৰস্ত অধ্যক্ষ ৰাকেশ পালৰ নিলম্বনৰ পিছত উক্ত আসনত ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বত আছিল অনুপম ৰয়। নতুন অধ্যক্ষ হিচাপে আইপিএছ ভট্টাচাৰ্যক নিযুক্তি দিয়াৰ কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ে। আনহাতে,ভট্টাচাৰ্যৰ লগতে অসম লোকসেৱা আয়োগত দুগৰাকী নতুন সদস্য নিযুক্তি দিয়া হৈছে।সেই অনুসৰি ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া সঞ্জীৱ গোহাঁই বৰুৱা আৰু এচবি দেওৰা মহাবিদ্যালয়ৰ উপাধ্যক্ষ নিৰঞ্জন কলিতাক আয়োগৰ নতুন সদস্য হিচাপে নিযুক্তি দিছে। গুৰুত্বপূৰ্ণ কথা এই যে নৱনিযুক্তিপ্ৰাপ্ত অধ্যক্ষ পল্লৱ ভট্টাচাৰ্য্যই ১৯৮৬ বেটছৰ ভাৰতীয় অসামৰিক সেৱা বিভাগৰ কেডাৰ হিচাপে নিযুক্তি পাইছিল।অসম আৰক্ষীৰ পৰা ২০১৯ বর্ষৰ জানুৱাৰী মাহত বিশেষ শাখাৰ সঞ্চালক প্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।

Your Comments