নৰেন শৰ্মা,বাহাৰঘাট:
শ্ৰেণীহীন সমাজ আৰু সাম্যবাদৰ আদৰ্শক সমুজ্জ্বল কৰি যোৱা সাহিত্যক-সমালোচক শশী শৰ্মাৰ বিয়োগত এতিয়াও শোকাচ্ছন্ন হৈ আছে নলবাৰী।নলবাৰী চহৰস্থিত চৌহদত বৃহস্পতিবাৰে সন্ধিয়া 'সেউজী-সেউজী'য়ে আয়োজন কৰে গণযোদ্ধা শশী শৰ্মাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।এই অনুষ্ঠানত বন্তি প্ৰজ্বলন,পুষ্পাঞ্জলি অৰ্পণ কাৰ্যসূচী ৰূপায়ণৰ পিছতে কেইবাগৰাকী কবি-সাহিত্যিক,শিল্পী,সাংস্কৃতিক কৰ্মী তথা ৰাইজৰ সচেতন প্ৰতিনিধিয়ে প্ৰয়াত শৰ্মাৰ জীৱন আৰু কৰ্মৰাজিক শ্ৰদ্ধাৰে সোঁৱৰে ৷ কবি মেগন কছাৰী,শান্তনু শৰ্মা , প্ৰণৱ কুমাৰ বৰ্মন,নাট্যকাৰ অজিত মহন্ত,কবি নৱজ্যোতি পাঠক,কণ্ঠশিল্পী-সুৰকাৰ দীপক দাস,বিজয় প্ৰকাশ মেধি,নন্দ কিশোৰ ভূঞাই কবিতা,গীতৰে শশী শৰ্মাক স্মৰণ কৰে।'সেউজী-সেউজী'ৰ সম্পাদক পুলক বৰ্মনেও প্ৰয়াত শৰ্মালৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে।একেটা অনুষ্ঠানতে কবি মনোজ শৰ্মাই প্ৰয়াত শশী শৰ্মাৰ স্মৃতিত ৰচিত 'দহৰ বাবে' শীৰ্ষক কবিতা আবৃত্তি কৰি দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে।অনুষ্ঠানত ৰাজশ্ৰী বৰ্মনৰ গীতৰ অনুষ্ঠান আছিল অনন্য।অনুষ্ঠানত জিলা পৰিবহণ বিষয়া ৰূপজ্যোতি কলিতাও উপস্থিত থাকে।
- Log in to post comments
- 19 views