অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত যাত্ৰীসকললৈ পৰিবহণ বিভাগৰ বিশেষ নিৰ্দেশনা  

Pic

'জ্যোতি ক্ষেত্ৰ'ৰ পৰা মৃণাল ডেকা:

ব্ৰহ্মপুত্ৰৰ পাৰৰ 'জ্যোতি ক্ষেত্ৰ'ত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশন।৩১ জানুৱাৰিৰ পৰা ৪ ফ্ৰেবুৱাৰিলৈ অনুষ্ঠিত হ'ব লগা অধিৱেশনক লৈ ব্যস্ত কামৰূপ আৰক্ষী।বস্ত্ৰনগৰী শুৱালকুছিৰ অধিৱেশনখনত অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা সাহিত্য অনুৰাগী তথা প্ৰতিনিধি আহিব ৷ আদৰণি সমিতিয়ে জানিবলৈ দিয়া অনুসৰি , দৈনিক একৰ পৰা ডেৰলাখ লোকৰ আগমন ঘটাৰ সম্ভাৱনা আছে।বস্ত্ৰ নগৰী শুৱালকুছি চাবলৈ পৰ্যটক হিচাপেও যথেষ্ট মানুহ অহাৰ আকাংক্ষা কৰি আৰু শুৱালকুছিৰ বাট-পথ বোৰ ঠেকা্্।হোৱাৰ বাবে অধিৱেশনৰ দিনকেইটাত যান - বাহনৰ চলাচলত পৰিবহণ বিভাগে কঠোৰ নিয়ম বলৱৎ কৰিছে।এই সন্দৰ্ভত শুৱালকুছি আৰক্ষী থানাত কামৰূপ জিলা প্ৰশাসনৰ আৰু কামৰূপ জিলা পৰিবহণৰ আৰক্ষী অধীক্ষকে যুটীয়াভাৱে এখন সংবাদমেলৰ আয়োজন কৰে । সংবাদমেলখনত উপস্থিত থাকে কামৰূপ জিলা পৰিবহণ আৰক্ষী অধীক্ষক প্ৰণৱ জ্যোতি গোস্বামী, কামৰূপ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া আৰু মহকুমা আৰক্ষী বিষয়া কংকণ নাথ। সংবাদমেলৰ জৰিয়তে আৰক্ষীয়ে জানিবলৈ দিয়ে যে অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফ্ৰেবুৱাৰীলৈকে বস্ত্ৰ নগৰী শুৱালকুছিৰ স্থানীয় লোকসকলে ঘৰৰ পদূলিত কোনো ধৰণৰ যান - বাহন পাৰ্কিং কৰিব নোৱাৰিব, শুৱালকুছিৰ ভিতৰত অধিৱেশন চলি থকা আটাইকেইটা দিনতে সকলো ধৰণৰ যান-বাহন চলাচলত বাধা আৰোপ কৰা হৈছে। কেৱল খাদ্য সামগ্ৰী, মেডিকেল, স্কুল আৰু আৰক্ষীৰ অনুমতি থকা বাহনহে চলাচল কৰিব পাৰিব।আনহাতে , দূৰণিৰ পৰা অহা যাত্ৰীসকলৰ ক্ষেত্ৰতো বিভিন্ন ধৰনৰ নিয়ম বান্ধি দিয়া হৈছে । নলবাৰী, বৰপেটাৰ পৰা হাজো হৈ অহা গাড়ীসমূহ হালোগাঁও হৈ বাথানৰ শুৱালকুছি আৰক্ষী থানাৰ কাষতে পাৰ্কিং কৰিব লাগিব আৰু তাৰ পৰা সাহিত্য সভালৈকে খোজ কাঢ়ি আহিব লাগিব । আনহাতে দৈনিক বামুন্দীৰ পৰা নিৰ্দিষ্ট কামত ওলাই যোৱা লোকসকলে শ্ৰীহাটীৰ হাইস্কুলৰ সমীপৰ পথৰে সোমাই বংশৰৰ পিএনবি ইটা উদ্যোগৰ সন্মুখৰে ওলাই যাব লাগিব । আনহাতে,গুৱাহাটীৰ দিশৰ পৰা অহা লোকসকলে নিজৰ নিজৰ সকলো ধৰণৰ যান-বাহন শুৱালকুছিৰ মুখ্য প্ৰবেশদ্বাৰৰ সন্মুখত স্থাপন কৰা অস্থায়ী পাৰ্কিঙত ৰখাব লাগিব । তাৰপৰা খোজ কাঢ়ি সভাস্থলীলৈ আহিব লাগিব ৷ এইফালে আমিনগাঁৱৰ পৰা হাজোলৈকে ন-পাৰ্কিং ঘোষণা কৰা বুলি জানিবলৈ দিয়ে ৷ কেৱল নিমন্ত্ৰিত আৰু বয়োজেষ্ঠ লোক,শিশুৰ সহিতে থকা মহিলা আৰু শাৰীৰিকভাৱে সক্ষম লোকসকলৰ বাবে থাকিব কিছু কিছু সুবিধা । তেনেকুৱা লোকৰ বাবে পৰিবহণ বিভাগৰ ফালৰ পৰা নিৰ্ধাৰিত গাড়ীৰে সভাস্থলীলৈকে অহা-যোৱা কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে ৷ এই ক্ষেত্ৰত সকলো পক্ষৰ ৰাইজক সহায় - সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে ৷

Your Comments