বিশিষ্ট বুদ্ধিজীৱী শশী শৰ্মাৰ বিয়োগত ৰাজ্যজুৰি শোকৰ ছাঁ

Pic

বিশিষ্ট বুদ্ধিজীৱী,লেখক,শিক্ষাবিদ শশী শৰ্মাৰ বিয়োগত ৰাজ্যজুৰি সচেতন সমাজত শোকৰ ছাঁ পৰিছে।ছোভিয়েট দেশ নেহৰু বঁটা প্ৰাপক,৮০ খনৰো অধিক গ্ৰন্থৰ প্ৰণেতা বিশিষ্ট বুদ্ধিজীৱীগৰাকীৰ মঙলবাৰে নিশা নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে।নলবাৰী জিলাৰ জাপাৰকুছি নিবাসী শৰ্মাৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৮ বছৰ।লেনিন,ৰুচ বিপ্লৱ আৰু ভাৰত(১৯৭১),সাহিত্যত বিৱৰ্তন(১৯৮৪),অসমৰ লোক সাহিত্য(১৯৯৩) আদি প্ৰয়াত শৰ্মাৰ উল্লেখযোগ্য গ্ৰন্থ।

Your Comments