স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ পিচতে সংযুক্ত মুক্তি বাহিনী,অসম(স্বাধীন)লৈ প্ৰথমটো ৰাজহুৱা আহ্বান ৰাজ্য চৰকাৰৰ।আলফা(স্বা) মুৰব্বী পৰেশ বৰুৱাক দিছপুৰৰ এখন সংবাদ মেলৰ জড়িয়তে ৰাজ্য চৰকাৰৰ হৈ আহ্বান জনাই বিত্তমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কয়-'অসমৰ স্থায়ী শান্তিৰ বাবে আলোচনালৈ আহক পৰেশ বৰুৱা।ভাৰত চৰকাৰ সাজু আছে আলোচনাৰ বাবে।' ইয়াৰ লগতে মণিপুৰৰ আৰু অসমৰ অন্যান্য সশস্ত্ৰ সংগঠনসমূহলৈ আহ্বান জনাই মন্ত্ৰী শৰ্মাই আৰু কয়-'আপোনালোকে সশস্ত্ৰ সংগঠন পৰিহাৰ কৰি ভাৰত চৰকাৰৰ লগত আলোচনাত অংশগ্ৰহণ কৰক। ৰাজ্য দুখনলৈ কঢ়িয়াই আনক স্থায়ী শান্তি।'
- Log in to post comments
- 65 views