দিল্লীত ভাৰত চৰকাৰৰ গণৰাজ্য দিৱসৰ পেৰেডত উজলিল অসম।দেশৰ ভিতৰতে অসমৰ প্ৰতীকপটে লাভ কৰিলে প্ৰথম পুৰস্কাৰ।বাঁহ শিল্প আৰু জনজাতীয় বস্ত্ৰশিল্পক বিষয়বস্তু হিচাপে লৈ আছিল অসমৰ প্ৰতীকপট।উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশে যুটীয়াভাৱে লাভ কৰিছে দ্বিতীয় স্থান।গুৰুত্বপূৰ্ণ যে এইবাৰ দেশৰ ১৬খন ৰাজ্য,কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ আৰু ৬ টা কেন্দ্ৰীয় বিভাগৰ প্ৰতীকপট আছিল দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত।
- Log in to post comments
- 23 views