জুবিন গাৰ্গক সভাপতি,মানস ৰবীনক সাধাৰণ সম্পাদক হিচাপে লৈ গঠন কৰা হ'ল 'কণ্ঠশিল্পী সমাজ,অসম'

Pic

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক সভাপতি হিচাপে লৈ গঠন কৰা হ'ল নতুন সংগঠন 'কণ্ঠশিল্পী সমাজ,অসম'।নাগৰিকত্ব সংশোধনী আইনৰ মাজতে একত্ৰিত হোৱা কণ্ঠশিল্পীসকলক লৈ মহানগৰীৰ শ্ৰদ্ধাঞ্জলি কাননত সোমবাৰে (২৭জানুৱাৰী)ত ৰাজ্যৰ জ্যেষ্ঠ আৰু কনিষ্ঠ প্ৰায় শতাধিক কণ্ঠশিল্পী উপস্থিতিত গঠন কৰা হয় নতুন সংগঠনটো।সংগঠনটোৰ সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হয় শিল্পী মানস ৰবীনক।ইয়াৰ উপৰিও মুখ্য উপদেষ্টা হিচাপে আছে জ্যেষ্ঠ শিল্পী জে পি দাস, পুলক বেনাৰ্জী, ভূপেন উজীৰ।উল্লেখ্য যে 'কা' বিৰোধী আন্দোলনৰ সকলো সিদ্ধান্ত ল'ব নতুন সংগঠনটোৱে।পূৰ্বতকৈ অধিক তীব্ৰতৰ হ'ব 'কা' বিৰোধী আন্দোলন।এই প্ৰসংগত জ্যেষ্ঠ শিল্পী জে পি দাসে কয় 'তেওঁলোকে জুই জ্বলালে,আমিও জ্বলিম।' গুৰুত্বপূৰ্ণ কথা এই যে সংগঠনটোৱে অসমৰ জাতীয় সমস্যাক লৈ মাত মাতি যোৱাৰ লগতে শিল্পীসকলৰ সমস্যাক লৈয়ো মাত মাতিব।উল্লেখ যে 'কা' বিৰোধী আন্দোলনৰ মাজতে অজয় ফুকন কাণ্ডৰ পিছতে এতিয়াৰে পৰা সচেতন হৈছে ৰাজ্যৰ কণ্ঠশিল্পীসকল।

Your Comments