প্ৰসংগ বড়ো চুক্তি:অবড়োৰ দুখৰ দিন যদিও সুখৰ আৰম্ভণি হ'ব-সাংসদ নৱ শৰণীয়া

Pic

"স্বাক্ষৰিত বড়ো শান্তি চুক্তি ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ।চুক্তিয়ে বৈষম্যৰ সৃষ্টি কৰিলে আদালতৰ দ্বাৰস্থ হোৱাৰ লগতে বিকল্প ৰাজনৈতিক প্ৰচেষ্টা অধিক তীব্ৰ হ'ব"-এই মন্তব্য কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়া।সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে স্বাক্ষৰিত হোৱা বড়ো শান্তি চুক্তি সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি সাংসদগৰাকীয়ে কয়-"স্বাক্ষৰিত বড়ো শান্তি চুক্তিয়ে উগ্ৰপন্থী সমস্যা সমাধান কৰিব।অবড়োসকলৰ বাবে নতুন দিন উদয় হ'ব।কাৰণ,অনাগত দিনত আমি কিছুমান নতুন উদ্দেশ্য লৈ ৰাইজৰ মাজলৈ যাব পাৰিম।"

স্বাক্ষৰিত চুক্তিত সংবিধান সংশোধন কৰি নতুন প্ৰভিজন ননাটো ভাল কথা বুলি উল্লেখ কৰি শৰণীয়াই আৰু কয়-"বড়ো চুক্তি পুনৰীক্ষণ কৰি ৰাইজৰ সমস্যা সমাধান কৰিব পাৰিম।আজি আমাৰ বাবে দুখৰ দিন যদিও সুখৰ আৰম্ভণি হ'ব।অবড়োসকল হতাশ নহ'ব।"

আনহাতে,বিজেপিৰ দিন শেষ হবলৈ হোৱা বুলি উল্লেখ কৰি শৰণীয়াই আৰু কয়-"হাগ্ৰামা ইজ দ্য বেষ্ট জোকাৰ।চাওৰা গৌড়া, বি বিদায়হঁতৰ কান্ধত থৈ '২১ৰ বৈতৰণী পাৰ হ'ব বিচাৰিছে।"কংগ্ৰেছে সকলোবোৰ কথা আগৰে পৰা জানিও কেৱল ভোটৰ স্বাৰ্থত মনে মনে থকা বুলি উল্লেখ কৰে সাংসদ শৰণীয়াই।

একেখন সংবাদমেলতে অবড়ো সুৰক্ষা সমিতিৰ উপদেষ্টা ব্ৰজেন মহন্তই কয়-"অসমবাসী,বিটিচিবাসীৰ বাবে আজিৰ দিনটো ক'লা দিন।ভয়াৱহ চুক্তি এখন স্বাক্ষৰিত হ'বলৈ গৈছে।"

নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এনডিএ চৰকাৰে বন্দুকৰ জয়যাত্ৰাক স্বীকৃতি দিছে বুলি উল্লেখ কৰি উপদেষ্টা মহন্তই কয়-"যাক দিব লাগিছিল ফাঁচী,আজি তাকে ৰাজ আতিথ্যত  ৰাজমুকুট পিন্ধাবলে লৈ গৈছে।"

যদি বন্দুকৰ বলত শান্তি চুক্তি হয়,তেন্তে আজি ডেকা-ল'ৰাসকলে কেনেকৈ বিশ্বাস কৰিব গণতন্ত্ৰক বুলি প্ৰশ্ন তুলি মহন্তই কয়-"বিটিচিৰ মানুহ এতিয়া ২০০৩ চনত বহি থকা নাই।প্ৰমোদ বড়ো,চাওৰা গৌড়া,বি বিদাইৰ কান্ধত বন্দুক থৈ বিজেপি আৰু হাগ্ৰামাই যে নিৰ্বাচনৰ বৈতৰণী পাৰ হ'বলৈ বিচাৰিছে সেয়া সকলোৱে বুজি পাইছে।"

"শান্তি চুক্তিৰ চেষ্টা কেৱল বড়োসকলক লৈয়ে কৰা হৈছে।গৰিষ্ঠসংখ্যক অবড়োক অন্ধকাৰত ৰখা হৈছে।গতিকে এই চুক্তি কোনো কাৰণত মানি লোৱা নহ'ব"-সংবাদমেলত এই কথা স্পষ্ট কৰিছে অবড়ো সুৰক্ষা সমিতি সভাপতি ললিত হেমব্ৰমে।চৰকাৰক আহ্বান জনাই তেওঁ আৰু কয় যে এইখন যাতে চূড়ান্ত চুক্তি নহয়,কাৰণ অবড়ো সংগঠনৰ সৈতে আলোচনা কৰি চূড়ান্ত চুক্তি কৰিব লাগিব।

ইফালে চুক্তিৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সাহিত্য সভাই নিজৰ মতামত প্ৰকাশ কৰিব লাগে বুলি সংবাদমেলৰ জড়িয়তে আহ্বান জনায় অবড়ো সুৰক্ষা সমিতিয়ে।

Your Comments