'এতিয়াৰে পৰা BTC ৰ নাম BTR(Bodoland Teritorial Region)হ'ব'।সোমবাৰে দিল্লীত ঐতিহাসিক বড়ো চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত দিল্লীতে এখন সংবাদমেল সম্বোধন কৰি এইদৰে কয় অসমৰ বিত্ত-শিক্ষা-স্বাস্থ্য মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই।লগতে,ডঃ শৰ্মাই কয় যে বড়ো ভাষা হ'ব অসমৰ সহযোগী চৰকাৰী ভাষা।'বিটিআৰ'ৰ বিত্তীয় ক্ষমতা বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ উল্লেখ কৰে।পাহাৰীয়া জিলাসমূহত থকা বড়ো লোকসকলক অনুসূচত জনজাতি(পাৰ্বত্য)ৰ মৰ্যাদা দিয়া হ'ব বুলিও তেওঁ মন্তব্য কৰে।লগতে, বিটিআৰৰ শৈক্ষিক-সাংস্কৃতিক আৰু আৰ্থ-সামাজিক বিকাশৰ বাবে কেইবাটাও প্ৰকল্প স্থাপন কৰা হ'ব বুলিও ডঃ শৰ্মাই কয়
- Log in to post comments
- 98 views