পুনৰ ১৪দিনৰ ন্যায়িক জিম্মালৈ ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল

Pic

'নাগৰিকত্ব সংশোধনী আইন-২০১৯' বাতিলৰ দাবীত  আন্দোলন গঢ়ি তোলাত  গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়োৱা কৃষক মুক্তি সংগ্রাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ দুই কাৰাৰুদ্ধ নেতা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক সোমবাৰে হাজিৰ কৰোৱা হয় ৰাষ্ট্ৰীয় তদন্তকাৰী  সংস্থা চমুকৈ 'নিয়া'ৰ আদালতত।১৪ দিনৰ বাবে দুয়োগৰাকী নেতাক নিয়াৰ আদালতে পুনৰ প্ৰেৰণ কৰিছে ন্যায়িক জিম্মালৈ।উল্লেখ্য যে পূৰ্বৰ ১৪দিনৰ ন্যায়িক জিম্মাৰ ম্যাদ অন্ত পৰাত নেতা দুগৰাকীক কটকটীয়া নিৰাপত্তাৰ মাজেৰে সোমবাৰে আদালতত হাজিৰ কৰোৱা হৈছিল।

Your Comments