উজনি অসমৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা(স্বা)ৰ

দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱসত উজনি অসমত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা(স্বা)ৰ।সংবাদ মাধ্যমলৈ প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কৰি বোমা বিস্ফোৰণৰ সংযুক্ত মুক্তি বাহিনীৰ অধীনষ্ঠ সংযুক্ত মুক্তি ফৌজ অসম(স্বা)ৰ সেনানীৰ দ্বাৰা সংঘটিত কৰা হৈছে বুলি স্পষ্টকৈ উল্লেখ কৰিছে। ইয়াৰ উপৰিও প্ৰেছ বিজ্ঞপ্তিখনত নিষিদ্ধ ঘোষিত সংগঠনটোৱে উল্লেখ কৰিছে-'ভাৰত ৰাষ্ট্ৰৰ তথাকথিত গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত পুৱা ৮ বজাৰ পৰা অসমৰ তিনিখন জিলাত বিস্ফোৰণ ঘটোৱা হৈছিল।' উল্লেখ্য যে উজনি অসমৰ মুঠ পাঁচটা স্থানত দেওবাৰে পুৱা সংঘটিত হৈছিল বিস্ফোৰণ।সোণাৰি,ডিব্ৰুগড়ৰ দুটা স্থানত, ডুমডুমা আৰু দুলিয়াজানত বোমা বিস্ফোৰণ হৈছিল।সৌভাগ্যবশত: বিস্ফোৰণকেইটাত কোনো লোকে হতাহত হোৱা নাই।ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্তৰ নির্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।

Your Comments