গণৰাজ্য দিৱসত বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Pic

দেশৰ ৭১সংখ্যক গণৰাজ্য দিৱসত বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি  কাননত প্ৰতিমূৰ্তিত আজি পুৱাই উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰদ্ধাঞ্জলি জনায়। শ্ৰদ্ধাঞ্জলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-'বীৰ শ্বহীদসকল হ'ল দেশৰ গৌৰৱ তথা স্বাভিমান,স্বদেশপ্ৰেম, বীৰত্ব, ত্যাগ আৰু সাহসৰ অমৰ প্ৰতীক।বীৰ-বীৰাংগনাসকলৰ আদর্শ আমাৰ মাজত সদায়ে যুগমীয়া হৈ থাকিব।' 

আনহাতে,গুৱাহাটীৰ খানাপাৰাৰ পশু- চিকিৎসালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে    গণৰাজ্য দিৱস উদযাপন কৰা হয়।ৰাজ্যপাল জগদীশ মুখীয়ে পুৱাই উত্তোলন কৰে জাতীয় পতাকা।কেন্দ্ৰীয় কাৰ্যসূচীত উপস্থিত থাকে মহানগৰ আৰক্ষীৰ শীর্ষ বিষয়াসকল।উপস্থিত থাকে মহানগৰীৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।

Your Comments