গণৰাজ্য দিৱসৰ শুভক্ষণত উজনি অসমত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।বোমা বিস্ফোৰণৰ নিকৃষ্ট ঘটনাক গৰিহণা দি সোণোৱালে কয়-'আজিৰ শুভ দিনটোত এনেধৰণৰ নিৰ্লজ্জ কাপুৰুষালিয়ে উগ্ৰপন্থীসকলৰ চৰম হতাশাগ্ৰস্ততাক স্পষ্টভাৱে উদঙাই দিলে।এনেধৰণৰ ঘৃণনীয় কাৰ্যকলাপক ৰাইজে প্ৰত্যাখ্যান কৰি আহিছে।' এই কাৰ্যৰ লগত জড়িতসকলক কঠোৰ হাতেৰে দমন কৰিবলৈ চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সোণোৱালে কয়।
- Log in to post comments
- 21 views