৭১সংখ্যক গণৰাজ্য দিৱসত ধাৰাবাহিক বিস্ফোৰণত কঁপিল উজনি অসম

দেশৰ ৭১সংখ্যক গণৰাজ্য দিৱসৰ দিনটোতে ধাৰাবাহিক বিস্ফোৰণত কপিল উজনি অসম।৪টাকৈ ভয়ংকৰ বিস্ফোৰণে পুৱাই কঁপাই গ'ল ডিব্ৰুগড়, সোণাৰি, দুলিয়াজান।প্ৰাপ্ত খবৰ অনুসৰি ডিব্ৰুগড়ৰ  গ্ৰেহেম বজাৰ আৰু আস্থা মেডিকেলৰ সমীপত সংঘটিত হয় দুটা বিস্ফোৰণ।

তৈল নগৰী দুলিয়াজান থানাৰ সমীপত সংঘটিত হয় আন এটা আইইডি বিস্ফোৰণ।

একেদৰে এখন নীলা ৰঙৰ পালচাৰ বাইকত অহা দুৰ্বৃত্তই সোণাৰি টিয়কঘাটৰ এখন ব্যৱসায়ী প্ৰতিষ্ঠানলৈ লক্ষ্য কৰি দলিয়াই থৈ যায় এটা গ্ৰেনেড।উল্লেখ যে বিস্ফোৰণকেইটাত সৌভাগ্যবশত: কোনো লোক হতাহত হোৱা নাই।আনহাতে,আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও কোনো উগ্ৰপন্থী সংগঠনে বৰ্তমান সময়লৈকে স্বীকাৰ কৰা নাই বিস্ফোৰণৰ কথা।

গুৰুত্বপূৰ্ণ কথা এই যে আলফা(স্বা)ই আজি আহ্বান জনাইছে অসম বন্ধৰ।কোনো লোককে ঘৰৰ পৰা ওলাই আহি চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ নকৰিবলৈ আহ্বান জনাইছে।

Your Comments