মাজুলীত কংগ্ৰেছৰ 'অস্তিত্ব ৰক্ষাৰ জনজাগৰণ সভা'

Pic

ৰাজীৱ পাতিৰ:মাজুলী:

জাতিধ্বংসী আইন চমুকৈ 'কা' প্ৰত্যাহাৰ কৰা; ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা; চাহ-শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা আদি বিভিন্ন দাবীৰ সমৰ্থনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত,মাজুলী জিলা কংগ্ৰেছ কমিটীৰ সহযোগত শনিবাৰে মুখ্যমন্ত্ৰীৰ মাজুলীৰ ভেটি কঁঁপাই 'অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা' শীৰ্ষক বিশাল প্ৰতিবাদী কাৰ্যসূচীৰে উত্তাল কৰি তোলে জেংৰাইমুখৰ আকাশ-বতাহ। দুপৰীয়া বাৰ বজাৰ লগে লগে মাজুলীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শ শ কংগ্ৰেছ কৰ্মী তথা সমৰ্থকসকলে জেংৰাইমুখৰ লখিমী চাৰিআলিত সমবেত হৈ পথ সভা অনুষ্ঠিত কৰাৰ পিছত ইয়াৰ পৰা জেংৰাইমুখ চেন্টপ'ল স্কুল;কুমাৰবাৰী গাঁও হৈ  জেংৰাইমুখ তিনিআলিলৈ বৃহৎ শোভাযাত্ৰা বাহিৰ কৰি প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে'কাৰ্ড; বেনাৰ; দলীয় পতাকা লৈ জাতিধ্বংসী আইন 'কা' আমি নামানো;এই আইন বাতিল কৰক; অসমীয়াৰ শত্ৰু নৰেন্দ্ৰ মোদী-অমিত শ্বাহ মুৰ্দাবাদ; মিছলীয়া মুখ্যমন্ত্ৰী হায় হায়; খালে ঐ খালে বিজেপিয়ে অসমীয়া জাতিক খালে; জয় আই অসম; খেদ ঐ খেদ বিদেশীক খেদ; ভাৰতীয় জাতীয় কংগ্ৰেছ জিন্দাবাদ;অসমীয়া জাতিক ৰক্ষা কৰক;তুমি যদি অসমীয়া আমাৰ লগত যোগ দিয়ক; খেদা দে খেদি দে বাংলাদেশীক খেদা দে; বিজেপি গ'বেক আদি বিভিন্ন শ্ল'গান দি উত্তপ্ত কৰি  তোলে মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ ৰাজপথ । এই শোভাযাত্ৰা সামৰি জেংৰাইমুখ তিনিআলিত এখন প্ৰতিবাদী জনজাগৰণ সভা অনুষ্ঠিত হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটৰ সভাপতি ৰিপুণ বৰাই জাতিধ্বংসী আইন নাগৰিকত্ব সংশোধনী আইনৰ ভয়ৱহতাৰ উল্লেখ কৰি কয়-'এই আইনৰ জৰিয়তে এতিয়া অসমলৈ পঞ্চাশ লাখ লোক বিদেশী ৰাষ্ট্ৰ  বাংলাদেশ;আফগানিস্তান আৰু পাকিস্তানৰ পৰা আহিব । ইয়াৰ লগে লগে খহনীয়াই খহাই নিয়াৰ অৱশিষ্ট ভূমিৰ মাজতে অতিৰিক্তভাৱে সংস্থাপিত হোৱাৰ পিছত উদ্যোগবিহীন অসমৰ জনগণৰ অস্তিত্ব বিপন্ন হ'ব । বিতৰ্কিত আইনখনত ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ ধৰ্মীয় উৎপীড়নত নিৰ্যাতন হোৱা লোকৰ সংস্থাপন দিয়াৰ কথা উল্লেখ আছে,কিন্তু পৰৱৰ্তীকালত ধৰ্মীয় উৎপীড়নত বলি হোৱা লোকৰ সংস্হাপন ৰোধ কৰাৰ কোনো কথা সন্নিবিষ্ট হোৱা নাই । সেইকাৰণে পৰৱৰ্তী সময়ত ইয়াৰ ভয়াৱহ পৰিনাম কি হ'ব পাৰে সেয়া সহজে অনুমেয় । লগতে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় নৰেন্দ্ৰ মোডী নেতৃত্বতাধীন বিজেপি চৰকাৰখনে মূল্য বৃদ্ধি ৰোধ কৰা; একাউণ্টত ধন সুমুুৱাই দিয়া;নিবনুৱাক চাকৰি দিয়াৰ দৰে বিয়াগোম প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰি এতিয়া বিদেশী ভোটাৰেৰে আগন্তুক নিৰ্বাচনত জয়ী হোৱাৰ  বিজেপি দলে পৰিকল্পনা ৰচনা কৰাৰ কথা প্ৰকাশ কৰে । নাগৰিকত্ব সংশোধনী বিধেয়কখন এতিয়া আইনত পৰিণত হ'ল । ইয়াক বাতিল কৰিবলৈ হ'লে কোনো দলে নোৱাৰে একমাত্ৰ কংগ্ৰেছ দলেহে বাতিল কৰিব পাৰিব বুলি দাবী কৰি কয় যে ইতিমধ্যে কংগ্ৰেছ শাসিত পাঁচখন ৰাজ্য মধ্য প্ৰদেশ;ৰাজস্থান;পণ্ডিচেৰী;পঞ্জাব,চট্টিছগড়ে   এই কথা দেখুৱাই দিছে বুলি সজোৰে উত্থাপন কৰে । প্ৰাক্তন মন্ত্ৰী ৰাজীৱলোচন পেগুয়ে কয়-'বিভিন্ন আভুঁৱা ভাৰা কথাৰে মিচিং সমাজক প্ৰতাৰণা কৰি আছে বিধায়ক ৰণোজ পেগুয়ে । 'কা' বিৰোধী আন্দোলনৰ পৰা মিচিং সমাজক আঁতৰাই ৰখাৰ বাবে মিচিং স্বায়ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ মিছা অপবাদ সৃষ্টি কৰা বুলি উল্লেখ কৰি এই সন্দৰ্ভত এক মুকলি বিতৰ্কৰ বাবে ৰনোজ পেগুলৈ তীব্ৰ প্ৰত্যাহ্বান জনায় ৰাজীৱলোচন পেগুয়ে । শংকৰ-মাধৱৰ পৱিত্ৰ মিলন ভূমি মাজুলী সন্দৰ্ভত বিজেপি সাংসদে নূন্যতম জ্ঞানৰ নথকাকৈ মাজুলীত বাংলাদেশী থাকে বুলি কৰা বিতৰ্কিত মন্তব্যই কেৱল মাজুলীকে নহয় সমগ্ৰ দেশকে আঘাত দিয়া বুলি অসমৰ তত্বাৱধায়ক হৰিশ ৰাৱটে কয়।মাজুলী জিলা কংগ্ৰেছ কমিটীৰ সভাপতি ৰাজীৱলোচন পেগুয়ে আঁত ধৰা অনুষ্ঠানত কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্য্য; কমল কুমাৰ মেধী;সঞ্জয় চৌধুৰী;দাদু টায়ে;পাৰ্থপ্ৰতীম দাস;আচিৰাম দলে আদিকে ধৰি বহু নেতা উপস্থিত থাকে ।

Your Comments